ETV Bharat / state

5 বছৰে কোন হ'ব মুখ্যমন্ত্ৰী খেলি থাকিল চৰকাৰে: গৌৰৱ গগৈ - লোকসভাৰ নৱ-নিযুক্ত বিৰোধী উপ-দলপতি

2016 চনতে বিজেপি চৰকাৰ হ'ল ৷ কিন্তু এই 4 বছৰত ৰাইজক কোনো ধৰণৰ সুবিধা প্ৰদান নকৰিলে চৰকাৰখনে ৷ তাৰ বিপৰীতে অসমৰ ভিন্ন উন্নয়নমূলক কাম আধৰুৱা হৈ থাকিল বুলি মন্তব্য কৰে লোকসভাৰ নৱ-নিযুক্ত বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈ
গৌৰৱ গগৈ
author img

By

Published : Sep 3, 2020, 7:09 PM IST

আজাৰা, 3 চেপ্তেম্বৰ: বৃহস্পতিবাৰে দিল্লীৰ পৰা আহি অসমত উপস্থিত হয় লোকসভাৰ নৱ-নিযুক্ত বিৰোধী উপ-দলপতি গৌৰৱ গগৈ ৷ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়েই তেওঁ সংবাদ মাধ্যমযোগে পিতৃ তৰুণ গগৈৰ আশু-আৰোগ্য কামনা কৰাৰ বাবে অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তেওঁ উপ-দলপতি হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ লোকসভাৰ মজিয়াত উত্থাপন কৰিব বুলি মন্তব্য কৰে ৷ তেওঁক কম সময়ৰ ভিতৰতে এনে গধুৰ দায়িত্ব প্ৰদান কৰাৰ বাবে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীকো ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁলোকে যি আশাৰে তেওঁক দলৰ উপ-দলপতি কৰিছে সেই আশা পূৰণৰ বাবে তেওঁ কাম কৰি যাব বুলি উল্লেখ কৰে ৷ আনহাতে তেওঁ কয়, CAA আন্দোলনৰ সময়ত কেৱল কংগ্ৰেছ দলহে ৰাইজৰ লগত আছিল ৷ CAA ৰ বিৰুদ্ধে দলটোৱে মাত মাতি গৈছে ৷ কংগ্ৰেছ দলে সদায় দেশৰ তথা ৰাজ্যৰ নাগৰিকৰ হকে কাম কৰি গৈছে বুলিও তেওঁ মন্তব্য কৰে ৷

বৃহস্পতিবাৰে দিল্লীৰ পৰা আহি অসমত উপস্থিত হয় লোকসভাৰ নৱ-নিযুক্ত বিৰোধী উপ-দলপতি গৌৰৱ গগৈ

2016 চনতে বিজেপি চৰকাৰ হ'ল ৷ কিন্তু এই 4 বছৰত ৰাইজক কোনো ধৰণৰ সুবিধা প্ৰদান নকৰিলে চৰকাৰখনে ৷ তাৰ বিপৰীতে জাগীৰোডৰ কাগজ কল বন্ধ হৈ থাকিল, কাছাৰৰ কাগজ কল বন্ধ হৈ থাকিল, এইমছৰ নিৰ্মাণকাৰ্যও আধৰুৱা হৈ থাকিল ৷ ইয়াৰোপৰি অসমৰ ভিন্ন উন্নয়নমূলক কামো হৈ নুঠিল বুলি তেওঁ মন্তব্য কৰে ৷ সেয়েহে সম্প্ৰতি অসমৰ ৰাইজে গম পাইছে তেওঁলোকৰ কথা, ইয়াৰ উচিত প্ৰত্যুত্তৰ ৰাইজে অহা নিৰ্বাচনত দিব বুলি কয় তেওঁ ৷ কেৱল ক্ষমতাৰ লোভতে তেওঁলোক ব্যস্ত হৈ থাকিল বুলি অভিযোগ উত্থাপন কৰে নৱ-নিযুক্ত বিৰোধী উপ-দলপতি গৰাকীয়ে ৷

5 বছৰে কোন হ'ব মুখ্যমন্ত্ৰী খেলি থাকিল চৰকাৰে: গৌৰৱ গগৈ

লগতে পঢ়ক: 'কা' আৰু EIA বাতিলৰ দাবীত বাক্সাত তিনি সংগঠনৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.