ETV Bharat / state

আহেমদাবাদলৈ অসমৰ হাতী প্ৰেৰণৰ বিৰোধিতা গৌৰৱ গগৈৰ - AHMEDABAD

হাতীকেইটা পোহনীয়া নে বনৰীয়া জন্তু এইকথা এতিয়ালৈ ষ্পষ্ট হোৱা নাই ৷ যদিহে বনৰীয়া জন্তু হয় , চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ বাবে বনৰীয়া জন্তু পৰিবহন কৰিবলৈ অনুমতি প্ৰদান কৰিবনে বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টোত হস্তক্ষেপ কৰি ৰাজ্য চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগে বুলিও তেওঁ জনায় ৷

গৌৰৱ গগৈ
author img

By

Published : Jun 20, 2019, 6:59 PM IST

নিউজ ডেস্ক,20 জুন :আহমেদাবাদলৈ জগন্নাথ যাত্ৰাৰ বাবে অসমৰ পৰা হাতী প্ৰেৰণৰ বিৰোধিতা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ৷ এই বিষয়ত পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰৰ হস্তক্ষেপ বিচাৰিছে সাংসদগৰাকীয়ে ৷

  • G Gogoi, Congress MP from Kaliabor (Assam) writes to Environment & Forest Minister Prakash Javadekar seeking intervention in the matter of transportation of "4 elephant for Jagannath Yatra in Ahmedabad". Letter states "Elephants may suffer from acute skin infection & dehydration" pic.twitter.com/NDwYABE0QB

    — ANI (@ANI) June 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ পত্ৰত উল্লেখ কৰিছে যে , জন্তুৰ পৰিবহন সদায়ে বিপদজনক ৷ সমগ্ৰ দেশতে পাৰা উৰ্ধগামী হোৱাত গৰমৰ মাত্ৰা বৃদ্ধি পোৱাত অসমৰ পৰা প্ৰায় 3 হাজাৰ কিলোমিটাৰ পথ ৰে'লেৰে হাতী আহমেদাবাদলৈ নিয়াটো উচিত নহয় বুলি তেওঁ যুক্তি প্ৰদৰ্শন কৰে৷ এই পৰিবহনৰ ফলত হাতীকেইটাৰ চালত সংক্ৰমণ , ডিহাইড্ৰেচন আদি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷
হাতীকেইটা পোহনীয়া নে বনৰীয়া জন্তু এইকথা এতিয়ালৈ ষ্পষ্ট হোৱা নাই ৷ যদিহে বনৰীয়া জন্তু হয় , চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ বাবে বনৰীয়া জন্তু পৰিবহন কৰিবলৈ অনুমতি প্ৰদান কৰিবনে বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷

সেয়েহে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টোত হস্তক্ষেপ কৰি ৰাজ্য চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগে বুলিও তেওঁ জনায় ৷

উল্লেখযোগ্য যে, আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৰথ যাত্ৰাৰ বাবে তিনিচুকীয়া পৰা এই চাৰিটা হাতী ৰে'ল যোগে আহমেদাবাদলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পূৰ্বে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাতী অনা-নিয়া কৰাৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাছিল যদিও 2016 চনত উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই নিষেধাজ্ঞা আওকাণ কৰি অসম চৰকাৰে ঘৰচীয়া হাতী আহমেদাবাদলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্তই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.