বাইহাটা,19 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা শিৱমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈৰ লগতে ৰকিবুল হুছেইন ৷ সভাত দুয়ো গৰাকী নেতাই কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
সাংসদ গৌৰৱ গগৈয়ে কয়, পুনৰ কংগ্ৰেছৰ দলৰ চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাই পুনৰ কংগ্ৰেছত যোগদান কৰিব ৷ তেওঁ ক্ষমতাৰ ৰাজনীতি কৰে আৰু আমি সেৱাৰ ৰাজনীতি কৰো ৷ কংগ্ৰেছৰ চৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ মোৰ ভাইটি হয় বুলি পুনৰ কংগ্ৰেছৰ দুৱাৰত টোকৰ মাৰিব, অৱশ্যে মন্ত্ৰী গৰাকীৰ বাবে সদায় কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলিও মত প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷
ইফালে, একেখন সভাতে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনেও কঠোৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীক ৷ ৰকিবুল হুছেইনে কয়, নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰাকক্ষণত বিভিন্ন বিভাগত চৰকাৰে নিযুক্তিৰ বিজ্ঞাপন দি প্ৰকৃততে নিবনুৱা সকলক চৰকাৰে প্ৰলোভিত কৰিব বিচৰাৰ লগতে অসমৰ ৰাইজে চাইকেল চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী বনোৱা নাছিল বুলিও কটাক্ষ কৰে ৷
হিমন্ত বিশ্ব শৰ্মাক সৰ্বগুণা বুদ্ধিজীৱী আখ্যা প্ৰদান কৰি ৰকিবুল হুছেইনে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত মদৰ দাম হ্ৰাস কৰাটো অসমৰ ৰাইজক উপহাস কৰাৰ বাহিৰে অন্য একো নহয় বুলি মত প্ৰকাশ কৰে । মৃত্যুৰ সময়ত শগুন ওপৰলৈ উৰাৰ লেখিয়া হিমন্ত বিশ্ব শৰ্মাও বহু ওপৰলৈ উৰিছে সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভাৱে এইবাৰৰ নিৰ্বাচনত মৃত্যু হোৱাটো নিশ্চিত ৷
লগতে পঢ়ক: সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ