ETV Bharat / state

চিকিৎসা বিজ্ঞানৰ নীতি-নিয়মৰ মাজেৰে শেষকৃত্য সম্পন্ন অমূল্য কলিতাৰ

ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ জি এমচি এইচত মৃত্যু হয় ৰঙিয়াৰ নসত্ৰৰ অমূল্য কলিতাৰ ৷ কামৰূপ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অমূল্য কলিতাৰ সৎকাৰৰ বাবে নোনা নৈৰ পাৰত স্থান নিশ্চিত কৰে ৷ ইতিমধ্যে জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়াসকল উপস্থিতিত শেষকৃত্য সম্পন্ন হয় অমূল্য কলিতাৰ ৷

author img

By

Published : May 21, 2020, 12:20 PM IST

Updated : May 21, 2020, 1:00 PM IST

Funeral of Amulya Kalita under the guidelines of Medical department
চিকিৎসা বিজ্ঞানৰ নীতি-নিয়মৰ মাজেৰে শেষকৃত সম্পন্ন অমূল্য কলিতাৰ

ৰঙিয়া, 21 মেঃ মহামাৰী ক'ৰণা ভাইৰাছত আক্ৰান্ত হৈ জি এমচি এইচত মৃত্যু হোৱা ৰঙিয়াৰ নসত্ৰৰ অমূল্য কলিতাৰ মৃতদেহ বুধবাৰে নিশা সৎকাৰ কৰা হয় । ৰঙিয়াৰ সমীপৰে বৈ যোৱা নোনা নৈৰ পাৰত কিনকিনিয়া বৰষুণৰ মাজতে অমূল্য কলিতাৰ শেষকৃত্য সম্পন্ন কৰা হয় । নিশা প্ৰায় দহ বজাত অমূল্য কলিতাৰ নশ্বৰ দেহ ৰঙিয়াৰ নোনাপাৰত উপস্থিত হয় ।

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানে নিৰ্দেশ দিয়া নীতি-নিয়মৰ মাজেৰে শেষকৃত্য সম্পন্ন কৰে প্ৰশাসনে । উল্লেখযোগ্য যে, বুধবাৰে দিনৰ ভাগৰ পৰাই কামৰূপ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অমূল্য কলিতাৰ সৎকাৰৰ বাবে নোনা নৈৰ পাৰত স্থান নিশ্চিত কৰি যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছিল । শেষকৃত্যত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া সকল উপস্থিতি থাকে । ইফালে নোনা নৈৰ পাৰত প্ৰশাসনে সৎকাৰৰ স্থান নিৰ্বাচন কৰাত দাঁতি কাষৰীয়া অঞ্চলৰ লোকৰ মাজত আতংকই বিৰাজ কৰাৰ লগতে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত আৰক্ষী- অৰ্ধসামৰিক বাহিনীয়ে তহল দিয়া পৰিলক্ষিত হয় । আনহাতে, শেষকৃত্য কৰাৰ সময়ত গাড়ী চলাচলত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰা দেখা যায় ।

লগতে পঢ়ক- নলবাৰীৰ এহাল ৰুগীয়া দম্পতিৰ কৰুণ অৱস্থা

Last Updated : May 21, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.