বাইহাটা , 01 জুন : কামৰূপ জিলাৰ বাইহাটাস্থিত গুইয়া বাসুদেব মন্দিৰত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এক্সন গ্ৰুপ ফৰ ৰুৰেল এডভাঞ্চমেন্ট নামৰ এটা বেচৰকাৰি সংস্থায়ে GNRCৰ সহযোগত এই বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে ৷
দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত কৰা এই চিকিৎসা শিবিৰত বাইহাটা চাৰিআলিৰ কমলপুৰ অঞ্চলৰ দুই শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে ৷ এই স্বাস্থ্য পৰীক্ষা শিবিৰত বিনামূলীয়াকৈ ECG , SUGAR আৰু BP চোৱাৰ লগতে ঔষধৰো যোগান ধৰা হয় ৷