ETV Bharat / state

কভিড-১৯ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু

author img

By

Published : May 17, 2021, 5:00 PM IST

ক’ভিড-19ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতি হেমেন বড়োৰ মৃত্যু ৷ বুধবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰিছিল যুৱকজনৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ৷

former-absu-president-death-due-to-covid
কভিড-১৯ত আক্ৰান্ত হৈ আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু

ৰঙিয়া, 17 মে': ক’ভিড-19ত আক্ৰান্ত হৈ ৰঙিয়াৰ কেকোঁহাটীত আবছুৰ প্ৰাক্তন সভাপতিৰ মৃত্যু । গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতলত মৃত্যু হৈছে এবছুৰ প্ৰাক্তন সভাপতিগৰাকীৰ । ক’ভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়াৰ সমীপৰ কেকোঁহাটীৰ হেমেন বড়ো (৩৯)। যোৱা বুধবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰিছিল যুৱকজনৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ।

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে সংকটজনক অৱস্থাত গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতলয়লৈ প্ৰেৰণ কৰে । জীৱন-মৃত্যুৰে যুজি অৱশেষত চিকিৎসালয়ত মৃত্যু হয় হেমেন বড়োৰ । ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি তথা কেইবাখনো আলোচনীৰ লেখক আছিল হেমেন বড়ো । ক’ভিড-19ত আক্ৰান্ত হৈ হেমেন বড়োৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে এক আতংকময় পৰিবেশে বিৰাজ কৰে ৰঙিয়াৰ কেকোঁহাটী অঞ্চলত । উল্লেখ্য যে, ৰঙিয়াত বৰ্তমানলৈকে কভিড-১৯ ত আক্ৰান্ত হৈ ১০ জনৰ মৃত্যু হোৱাৰ লগতে ৬২৫ গৰাকী ক’ভিড-19ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : কাকপথাৰত কৰ'ণাই প্ৰাণ কাঢ়িলে এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.