বকো, 9 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বনশিবিৰত কৰ্মৰত এগৰাকী মৃগৰক্ষী সন্ধানহীন হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ 6 জুলাই অৰ্থাৎ মঙলবাৰে নিশাৰ ভাগৰ পৰা সন্ধানহীন হৈ আছে ৱাহিদুৰ ৰহমান নামৰ বনকৰ্মী (Forester)জন ৷ বনকৰ্মীজন সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পাচতে তেওঁৰ পৰিয়ালত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বনকৰ্মী ৱাহিদুৰ সন্ধানহীন হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷
সন্ধানহীন ৱাহিদুৰ ৰহমানৰ ঘৰ বকোৰ 2 নং নাৰেংগাত বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে নিশা সন্ধানহীন হোৱাৰ পূৰ্বে প্ৰায় 8.30 বজাত পৰিয়ালৰ সৈতে ফোনযোগে কথা-বাৰ্তা হোৱা বুলি জানিবলৈ দিছে ৱাহিদুৰৰ মাতৃ ৰহিমা বিবিয়ে ৷ অন্যহাতে, এটি 9 বছৰীয়া কন্যা সন্তান আৰু এটি 4 বছৰীয়া পুত্ৰৰ পিতৃ ৱাহিদুৰ ৰহমান সন্ধানহীন হোৱাৰ পাচতে দিক্-বিদিক হেৰুৱাইছে পত্নী পাৰবিনা চুলতানে ।
বন বিভাগ (Forest Department)য়ে বহু পলমকৈ পৰিয়ালক খবৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৱাহিদুৰৰ পৰিয়ালে । আৰক্ষী তথা বন বিভাগৰ তদন্তৰ অন্ততহে ওলাই পৰিব বনকৰ্মী ৱাহিদুৰৰ সন্ধান
লগতে পঢ়ক : ৰাইজৰ ধন খাই ফাণ্ডত পৰিল সম্পাদক মহোদয়