ৰঙিয়া, 15 জুলাই : বানে ধোৱা ৰঙিয়াৰ হাচানটুকত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা । হাচানটুক অঞ্চলক ৰঙিয়াৰ সৈতে সংযোগ কৰা মূল পথটো এই বছৰৰ বৰলীয়া নৈৰ বানত ছিঙি গৈছিল । পথটোৰ প্ৰায় 50 ফুট দৈৰ্ঘ পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । বানৰ সময়ত ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ বিপৰীতে কৰবাত যদি একঁকাল পানী আন কৰবাত আকৌ এবুকু পানীৰ সৃষ্টি হৈছিল । যাৰ ফলত সম্পুৰ্ণৰূপে যাতায়ত বন্ধ হৈ ব্যাপক সমস্যাৰ মুখামুখি হৈছিল বন্যাৰ্ত ।
পানী শুকাই যোৱাৰ পিছতো একেই থাকিল পথটোৰ অৱস্থা । বৰ্তমান ঠায়ে ঠায়ে পথটো মাত্ৰ দুই ফুট পৰ্যন্তহে বহল হৈ আছে । লগতে পথৰ দাঁতিত আৰু মাজভাগত বৃহৎ গাঁত থকা বাবে দিনৰ লগতে নিশাৰ ভাগত পথটোৰে যাতায়ত যথেষ্ট বিপদজনক হৈ পৰিছে । পথটোৰ কিছু অংশ সম্পূৰ্ণ ছিঙি যোৱাৰ ফলত বহু লোকে নিজৰ বাহন পথটোৰ আনটো পাৰে থৈ খোজকাঢ়ি যাতায়ত কৰিবলৈ বাধ্য হৈছে । আনহাতে জৰুৰীকালীন সেৱাৰ গাড়ীসমুহো পথটোৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে বুলি স্থানীয় লোকে উল্লেখ কৰে ।
প্ৰায়েই সংকটজনক অৱস্থাত থকা ৰোগীসকলক চিকিৎসালয়লৈ নিবলৈ কান্ধত ভাৰ বান্ধি নিব লগা পৰিস্থিতিৰ হৈছে অঞ্চলটোত । যোৱা বছৰৰ বানত বিধস্ত হৈ পৰা পথটো এইবাৰৰ বানত সম্পূৰ্ণ বিধস্ত হৈ পৰাৰ পিছত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত । দৈনিক কুৰিখনতকৈ অধিক গাঁৱৰ দুই সহস্ৰাধিক ৰাইজে অনিশ্চয়তা-আশংকা কঢ়িয়াই যাতায়ত কৰে এই পথেটোৰে । অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এই বিধস্ত পথটোৰে বিপজ্জনকভাৱে অহা-যোৱা কৰাত ইতিমধ্যে বহু কেইটা সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে ।
ভুক্তভোগী ৰাইজে চৰকাৰ তথা প্ৰশাসনক শীঘ্ৰে পথটো মেৰামতি কৰি দিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক : Encroachment in Assam: দুবছৰত চৰকাৰে বেদখলমুক্ত কৰিলে ৰাজ্যৰ ৬১ বৰ্গ কিলোমিটাৰ বনভূমি