ETV Bharat / state

বিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসীঃ সাক্ষাৎ নাই জন প্ৰতিনিধিৰ

author img

By

Published : Aug 10, 2020, 6:21 PM IST

হাতৰ মুঠিত জীৱন লৈ বিগত এমাহে বিপদসংকুল যাত্ৰা খন্দিকৰবাসীৰ ৷ ধ্বংস হৈছে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ৷ মথাউৰি নিৰ্মাণৰ নামত প্ৰত্যেকটো ৰাজনৈতিক দলেই অঞ্চলটোক খিৰতী গাই হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ অঞ্চবাসীৰ ৷

flood situation at khandikar in rangia
বিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসী

ৰঙিয়া, 10 আগষ্টঃ বিগত এটা মাহে এবুকু পানীৰ তলত আছে কামৰূপ জিলাৰ ৰঙিয়াৰ খন্দিকৰবাসী ৷ বগৰীবাৰীৰ মথাউৰি ছিঙা এমাহ পাৰ হোৱাৰ পাছতো মথাউৰিটো পুনৰ নিৰ্মাণ কৰা বা অঞ্চলবাসীক সহায় কৰাৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিয়ে ৷ হাতৰ মুঠিত জীৱন লৈ বিগত এমাহে বিপদসংকুল যাত্ৰা কৰিছে খন্দিকৰবাসীয়ে ৷ ৰাইজৰ অভিযোগ প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিও ৰাইজৰ বাবে কোনো সুবিধাজনক ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

নামমাত্ৰ বানসাহাৰ্য দিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে

সমগ্ৰ ৰাজ্যত বানৰ তাণ্ডৱ সম্প্ৰতি শাম কাটিছে যদিও খন্দিকৰ অঞ্চলৰ মূল পথৰ ওপৰেৰে এতিয়াও বাগৰি আছে এবুকু পানী ৷ বানৰ মাজতে আবদ্ধ গাঁওখনৰ সহস্ৰাধিক পৰিয়াল । কোনোৱে যদি সাঁতুৰি পাৰ হৈছে অঞ্চলটোৰ মূল পথ, কোনোৱে যাতায়তৰ বাবে সাজি লৈছে কলৰ ভুৰৰ লগতে থাৰ্মকলৰ টুলুঙা নাঁও ৷ মূৰৰ ওপৰত কেঁচুৱা লৈ বিপদ সংকুল যাত্ৰা গাঁওবাসীৰ ৷ উল্লেখ্য যে, বিগত এমাহে পানীৰ তলত থকাৰ বাবে ধ্বংস হৈ গৈছে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ৷ বৰ্তমানেও আশ্ৰয় শিবিৰত থকা পৰিয়াল সমূহৰ মাজত নামমাত্ৰ বানসাহাৰ্য দিয়েই দায়িত্ব সামৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে ৷ খেতি পথাৰৰ লগতে অঞ্চলটোত ব্যপক ক্ষতিসাধন হৈছে পশুধনৰো ৷ কেৱল বিজেপি চৰকাৰেই নহয়,কংগ্ৰেছ,বিপিএফ আৰু সকলো দলৰ কোনো প্ৰতিনিধিয়েই অঞ্চলবাসীৰ কাষত থিয় নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ ৷ মথাউৰি নিৰ্মাণৰ নামত প্ৰত্যেকটো ৰাজনৈতিক দলেই অঞ্চলটোক খিৰতী গাই হিচাপে ব্যৱহাৰ কৰাৰ বুলিও ক্ষোভ প্ৰকাশ কৰে খন্দিকৰবাসীয়ে ৷

লগতে পঢ়কঃ ৰিপুন বৰাই ভাবিব নালাগে অগপৰ কথা : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.