ছয়গাঁও,২৫ ছেপ্টেম্বৰঃ বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে ছয়গাঁৱৰ কলহী আৰু বাঠা নৈ ৷ ছয়গাঁও গুমি গড়কাপ্তানি পথ, ছয়গাঁও -দগাঁও কালাৰদিয়া পথ, কুকুৰমাৰা-বৰটাৰী বেজেৰটাৰী পথকে ধৰি কেইবাটাও গড়কাপ্তানি পথৰ ওপৰৰে পানী বাগৰাৰ ফলত এতিয়া পথ কেইটাৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷
আনহাতে কুকুৰমাৰা গাঁও, দ-গাঁঁও কালাৰদিয়া, ছয়গাঁও চৌধুৰীপাৰা, গৰ্জনপাৰা আৰু বিহদিয়া গাঁৱৰ একাংশ অঞ্চলৰ লগতে কেইবাখনো গাঁৱৰ এক বৃহৎ অংশত পানী সোমোৱাৰ ফলত বহু ঘৰবাৰী পানীত বুৰ গৈছে ৷ ইফালে ছয়গাঁও আৰক্ষী থানাত পানী সোমোৱাৰ ফলত আৰক্ষী চৌহদৰ আটাইকেইটা আৱাসগৃহ সম্প্ৰতি পানীৰ তলত ৷ ইয়াৰ উপৰিও আৰক্ষী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে লালমোহন চৌধুৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন, ছয়গাঁও চক্ৰ বিষয়া কাৰ্যালয় চৌহদো এই বাঢ়নী পানীত বুৰ গৈছে ৷
লগতে পঢ়কঃ পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত