ETV Bharat / state

বগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই

author img

By

Published : Mar 11, 2021, 8:49 AM IST

Updated : Mar 11, 2021, 9:14 AM IST

ৰঙিয়াৰ বগৰীবাৰীত বিগত বছৰৰ প্ৰলয়ংকাৰী বানে সংহাৰ চলোৱা প্ৰায় আদমাহ হ'ল ৷ এই আদমাহত এবাৰো গাঁওবাসীৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই ৷ ৰ'দ,বৰষুণ, ধুমুহাৰ পাচতো নৈ মথাউৰিতে মাহৰ পাচত মাহ পাৰ কৰিলে বহু পৰিয়ালে ৷ নৈৰ বুকুত ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো হেৰুৱাই সৰ্বস্ৰান্ত হোৱা পৰিয়ালবোৰে আৰ্থিক সংকতৰ মাজেৰ অতিবাহিত কৰিছে দিন ৷

বগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই
বগৰীবাৰীৰ বাণাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই

ৰঙিয়া,11 মাৰ্চ: পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ পাঁচটা বছৰ উকলিল ৷ কিন্তু পৰিৱৰ্তনৰ মুখ নেদেখিল ৰঙিয়াৰ বগৰীবাৰীবাসীয়ে ৷ বিগত বছৰৰ প্ৰলয়ংকাৰী বানে সংহাৰ চলোৱা প্ৰায় আঠমাহ হ'ল ৷ এই আঠমাহত এবাৰো গাঁওবাসীৰ খবৰ ল'বলৈ সময় নাপালে ৰজাঘৰীয়াই ৷ ৰ'দ,বৰষুণ, ধুমুহাৰ পাচতো নৈ মথাউৰিতে মাহৰ পাচত মাহ পাৰ কৰিলে বহু পৰিয়ালে ৷ নৈৰ বুকুত ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো হেৰুৱাই সৰ্বস্ৰান্ত হোৱা পৰিয়ালবোৰে আৰ্থিক সংকতৰ মাজেৰে দিন অতিবাহিত কৰিছে ৷

এমুঠি খাদ্য, এডোখৰ কাপোৰ আৰু অকণমান থকা ঠাইৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে বগৰীবাৰীৰ পৰিয়াল কেইটাই ৷ মথাউৰিৰ ওপৰত প্লাষ্টিকৰ ত্ৰিপাল দি গোহালি সদৃশ পৰিবেশৰ মাজত দিন কটাবলৈ বাধ্য হৈছে এইসকল দৰিদ্ৰ লোকে । এসাঁজ খাই এসাঁজ লঘোনে থাকি কোনোমতে নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰা এই পৰিয়াল সমূহক সংস্থাপনৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে ৰজাঘৰীয়াই ৷ যাৰ ফলত কদৰ্যময় পৰিৱেশতে থাকিবলগীয়া হৈছে শিশুসহ বহু মহিলাই ৷ চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে লোকসকল ৷ অনতি পলমে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ বাণাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়ক: মৰিগাঁৱত যাত্ৰীবাহী বিলাসী বাছৰ পৰা জব্দ অবৈধ মাৰণাস্ত্ৰ

Last Updated : Mar 11, 2021, 9:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.