দক্ষিণ কামৰূপ,4 নৱেম্বৰঃ কাঞ্চনজংঘা,ৰত্নাকৰৰ পিছত এইবাৰ অসমীয়া ছবি 'প্ৰতিঘাত'ৰ প্ৰচাৰ অভিযান । দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰাই প্ৰচাৰ অভিযান আৰম্ভ অসমীয়া ছবি প্ৰতিঘাতৰ । অহা ৬ ডিচেম্বৰত আহিবলগীয়া অসমীয়া ছবি 'প্ৰতিঘাত'ৰ প্ৰথম প্ৰচাৰ অভিযান চলিল দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা । ৰোমাঞ্চ আৰু এক্সনৰে ভৰপূৰ ছবিখন প্ৰযোজনা কৰিছে নৰেন্দ্ৰ এন সিন্হা,নলিনী ৰয়ে আৰু পৰিচালনা কৰিছে অচিন্ত্য শঙ্কৰে । ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, দিগন্ত হাজৰিকা, আইমী বৰুৱা, সিদ্ধাৰ্থ শৰ্মা, পদ্মৰাগ গোস্বামী, বিষ্ণু খাৰঘৰীয়াকে ধৰি বহুকেইজন শিল্পীৰ লগতে শিশু শিল্পী আশ্ৰমিকা শইকীয়াই । সোমবাৰে প্ৰথমটো ৰাজহুৱা প্ৰচাৰ আৰম্ভ কৰে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ পৰা । তাৰপিছতে দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু মিৰ্জাৰ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনতো প্ৰচাৰ অভিযান চলায় টীম প্ৰতিঘাতে ।
এই প্ৰচাৰ অভিযানত উপস্থিত থাকে অমৃতা গগৈ, দিগন্ত হাজৰিকা, পদ্মৰাগ গোস্বামী, শিশু শিল্পী আশ্ৰমিকা শইকীয়াৰ লগতে শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা ৷ এই ছবিখন বিশেষকৈ মহিলাৰ সৱলীকৰণৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে পৰিচালক তথা অভিনেতা- অভিনেত্ৰীয়ে । সমাজে সততে দুৰ্বল বুলি ভবা মহিলা সকলে কিদৰে বিভিন্ন ঘাত প্ৰতিঘাতেৰে জীৱন অতিবাহিত কৰি আহিছে তাৰ নিদৰ্শন দাঙি ধৰা হৈছে 6 ডিচেম্বৰত আহিবগলগীয়া এইখন অসমীয়া ছবিত ৷