বকো, 13 আগষ্টঃ কামৰূপ জিলাৰ বকোৰ কালাতলী বজাৰত নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ফলত ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱাৰ উপৰিও বহু লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।
ইফালে উক্ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱা বুলি অভিযোগ কৰে ৰাইজে । বৈদ্যুতিক শ্বৰ্টচাৰ্কিতৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে। স্থানীয় ৰাইজৰ ব্যাপক তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক- ৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক