ETV Bharat / state

নিৰ্বাপিত হোৱা নাই কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড - কমলপুৰৰ বিধায়ক দিগন্ত কলিতা

এতিয়াও নিৰ্বাপিত হোৱা নাই কামৰূপ জিলাৰ কমলপুৰৰ আল্টাৰ প্লাষ্টিক কোম্পানীৰ ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় দহখনকৈ বাহনে ওৰেটো নিশা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখাৰ পাচতো জুইৰ লেলিহান শিখাই আৱৰি ৰাখে উদ্যোগটোৰ চৌপাশ ৷

Kamalpur devastating fire
কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Jun 21, 2021, 10:30 AM IST

বাইহাটা,21 জুন: 24 ঘন্টা উকলি যোৱাৰ পাচতো নিৰ্বাপিত হোৱা নাই কামৰূপ জিলাৰ কমলপুৰৰ আল্টাৰ প্লাষ্টিক কোম্পানীৰ ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় দহখনকৈ বাহনে ওৰেটো নিশা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে যদিও জুইৰ লেলিহান শিখাই আৱৰি ৰাখে উদ্যোগটোৰ চৌপাশ ৷ কমলপুৰৰ আল্টাত নিৰ্মীয়মান অৱস্থাত থকা উদ্যোগটোত শ্ৰমিকে কাম কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ৱেল্ডিং মেচিনৰ পৰা নিৰ্গত জুইৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি স্থানীয় লোকে আশংকা কৰিছিল ৷

অগ্নিকাণ্ড সংঘটিত হোৱাৰ 24 ঘন্টাৰ পাচতো পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ লগতে সম্প্ৰতি উদ্যোগটোৰ পৰা নিৰ্গত ক'লা ধোৱাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীৰ দহখনকৈ বাহনৰ প্ৰচেষ্টাত পুৱতি নিশা জুই কিছু নিয়ন্ত্ৰণলৈ আহে যদিও উমি উমি জ্বলি থাকে উদ্যোগটো ৷ এই ভয়াৱহ অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত নিশা উপস্থিত হয় আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতা ৷

নিৰ্বাপিত হোৱা নাই কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড

সমগ্ৰ ঘটনা পৰিদৰ্শন কৰি উদ্যোগটোৰ আপাতকালীন সুৰক্ষাৰ দিশটোকলৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ৷ অগ্নিকাণ্ডটোৰ বাবে উদ্যোগটোৰ কেইবাকোটি টকাৰ সা-সম্পত্তিৰ লোকচান হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইফালে কিহৰ বাবে ইমান ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে সেই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ সমগ্ৰ ঘটনাৰ অন্তত যদি উদ্যোগটোৰ হেমাহিৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ তথ্য লাভ কৰে তেন্তে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে হুংকাৰ দিয়ে ৷

আৰক্ষী অধীক্ষকগৰাকীৰ সুৰত সুৰ মিলাই বিধায়ক দিগন্ত কলিতাই কয় যে, উদ্যোগটোৰ বাবে স্থানীয় লোকৰ ক্ষতি সহজভাৱে লোৱা নহ'ব ৷ কাৰ ভুলৰ বাবে এই ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হ'ল সেয়া বিচাৰ কৰা হ'ব ৷

লগতে পঢ়ক: কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.