ETV Bharat / state

অগ্নিকাণ্ডত জাহ গ'ল লাখ-লাখ টকাঃ আহত ব্যৱসায়ী

চাংসাৰীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত জুইত জাহ যায় লক্ষাধিক নগদ ধন ৷ বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই চাংসাৰীৰ ব্যৱসায়ী তপন পালৰ ধাবাত অগ্নিসংযোগ কৰি ত্ৰাসৰ সৃষ্টি কৰে । চাংসাৰী আৰক্ষী থানাৰ পৰা প্ৰায় ১০ মিটাৰ দুৰত্বত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ।

author img

By

Published : Feb 21, 2020, 2:55 PM IST

Fire at commercial place at changsari
অগ্নিকাণ্ড সংঘটিত

চাংসাৰী,21ফেব্ৰুৱাৰীঃ কামৰূপৰ চাংসাৰীত সংঘটিত চাঞ্চল্যকৰ অগ্নিকাণ্ড ৷ চাংসাৰীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত জুইত জাহ যায় লক্ষাধিক নগদ ধন ৷ বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই চাংসাৰীৰ ব্যৱসায়ী তপন পালৰ ধাবাত অগ্নিসংযোগ কৰি ত্ৰাসৰ সৃষ্টি কৰে ।

অগ্নিকাণ্ড সংঘটিত

ঘটনাৰ বিৱৰণী অনুসৰি,প্ৰাণে মৰাৰ লক্ষৰে দুৰ্বৃত্তই ব্যৱসায়ীজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে ধাবাখনত অগ্নিসংযোগ কৰে ৷ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ী তপন পাল । চাংসাৰী আৰক্ষী থানাৰ পৰা প্ৰায় ১০ মিটাৰ দুৰত্বত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা । অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা চাংসাৰীত প্ৰায়ে সংঘটিত হয় অনেক দুস্কাৰ্য ৷ বৃহস্পতিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডটোত জাহ যায় তপন পালৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ দুটি ঘৰ ৷ ঘটনাস্থলীত চাংসাৰী আৰক্ষী উপস্থিত হয় যদিয়ো দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷

লগতে চাওকঃঐতিহাসিক নেঘেৰিটিং শিৱ মন্দিৰত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.