ETV Bharat / state

বানত বিধ্বস্ত কৃষিভূমি:কৃষকৰ হাহাকাৰ - বিধ্বংসী বানৰ কৱলত কৃষিভূমি

মাজিৰিগাঁৱত কেইবাবিঘা কৃষিভূমিত অমিতা,কল,তামোল আদিৰ খেতি কৰিছিল কৃষকে, কিন্তু বলীয়া বানত সমূলি ধ্বংস হ'ল সকলো শস্য ৷ ফলত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল ৷

বানত বিধ্বস্ত কৃষিভূমি:কৃষকৰ হাহাকাৰ
author img

By

Published : Jul 24, 2019, 10:19 PM IST

আজাৰা, 24 জুলাই: প্ৰলয়ংকাৰী বানত বিধ্বস্ত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ সময়ত যিদৰে ৰাইজে জীয়াতু ভুগিছে, সেইদৰে পানী শুকুৱাৰ পিছতো জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বন্যাৰ্ত ৷ বানাক্ৰান্ত সকলে কিছু সকাহ পাইছে যদিও দূৰ হোৱা নাই সমস্যা ৷ ঘৰ-বাৰী, বাট-পথ, দলঙ আদিবোৰ বুৰ যোৱাৰ লগতে বিধ্বংসী বানে গ্ৰাস কৰিছে খেতি-বাতিৰ লগতে বিস্তীৰ্ণ কৃষিভূমি ৷ সম্প্ৰতি বানত সৰ্বহাৰা হৈ পৰিছে কৃষকসকল ৷

বানত বিধ্বস্ত কৃষিভূমি:কৃষকৰ হাহাকাৰ

এই দৃশ্য মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাঁৱৰ ৷ মাজিৰিগাঁৱত কেইবাবিঘা কৃষিভূমিত অমিতা, কল, তামোল আদিৰ খেতি কৰিছিল কৃষকে, কিন্তু বলীয়া বানত ধ্বংস হ'ল সকলো ৷ যাৰফলত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল ৷ মাজিৰিগাঁৱৰ দুজন কৃষক পিংকু কলিতা আৰু ৰুবুল কটকী ৷ কেইবাবিঘা মাটিত ডেৰলক্ষাধিক টকা ব্যয় সাপেক্ষে কৰা খেতি বানত ধ্বংস হোৱাত এতিয়া মুৰে-কপালে হাত দিছে এই দুজন কৃষকে ৷

বানত নিজৰ সকলো হেৰুৱাই শোকত ভাগি পৰিছে কৃষককেইজন । চৰকাৰে এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ালে কিছু সকাহ পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে কৃষককেইজনে ৷

Intro:ৰাজ্যত প্ৰলয়ংকাৰী বানে ধুই গ'ল সকলো । বানত নষ্ট হ'ল কৃষি । Body:Ocvo..ৰাজ্যত প্ৰলয়ংকাৰী বানে ধুই গ'ল সকলো । বানত সৰ্বহাৰা হৈ বৰ্তমান বানৰ পৰা বানাক্ৰান্ত লোকে কিছু সকাহ পাইছে যদিও দুৰ হোৱা নাই সমস্যা । প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছিল সকলোবোৰ । এই বানে এতিয়া সৰ্বহাৰা কৰিছে কৃষকসকলোকো । এই দৃশ্য হৈছে মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওৰ । প্ৰলংকাৰী বানে নষ্ট কৃষকৰ কষ্ট । মাজিৰিগাওত কেইবাবিঘাকৃষিভুমিত অমিতা,কল,তামোল আদিৰ খেতি কৰিছিল কৃষকে কিন্তু বানে নিমিষতে নষ্ট কৰি পেলালে সকলো কৃষি । যাৰফলত এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল । পিংকু কলিতা আৰু ৰুবুল কটকী নামৰ যুৱ কৃষকদুজনে কেইবাবিঘা মাটিত ডেৰলক্ষাধিক টকা ব্যয়সাপেক্ষে কৰা এই খেতি নষ্ট হোৱাত এতিয়া মুৰে কপালে হাত দিছে ।

Bite..কৃষক ।

Conclusion:বানত নিজৰ সকলো হেৰুৱাই শোকত ভাগি পৰিছে কৃষককেইজন । এতিয়া দুয়োজনৰে আশা কেৱল চৰকাৰলৈ চৰকাৰে যদি কিবা ব্যৱস্থা গ্ৰহন কৰে তেতিয়া কিছু সকাহ পাব বুলি ব্যক্ত কৰে কৃষককেইজনে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.