কামৰূপ,12ছেপ্টেম্বৰঃ বকোৰ তাৰাবাৰীত এক আজৱ ঘটনা । এটা পৰিয়ালৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ একাংশই । পৰিয়ালটোৱে অহা-যোৱা কৰা পথ বন্ধ কৰি কংক্ৰিটৰ বেৰ দিছে বজাৰ সমিতিৰ একাংশই । ঘটনা অনুসৰি পদ্মিনী বনিক্য নামৰ মহিলাগৰাকীৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ আৱন্টিত ভূমিৰ সমীপতে নিজা ভূমিত বসবাস কৰি আহিছে । কিন্তু বজাৰ সমিতিৰে প্ৰত্যক্ষভাৱে জড়িত মনোৰঞ্জন দাস নামৰ লোকজনৰ সৈতে মতানৈক্য আছে পদ্মিনী বনিক্যৰ পৰিয়ালৰ । যাৰ বাবে এই মতানৈক্যৰ গইনা লৈ পৰিয়ালটোৰ পথ বন্ধ কৰি দিয়ে তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ একাংশই । বজাৰ সমিতিয়ে নিজ ভূমিতেই ৱাল নিৰ্মাণ কৰিছে যদিও মাত্ৰ এটা পৰিয়ালক লক্ষ্য কৰি ৱাল দিয়া কাৰ্যই বৰ্তমান চৰ্চিত হৈ পৰিছে । কংক্ৰিটৰ ৱাল দি পৰিয়ালটো আৱদ্ধ কৰি ৰখা ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
বকোত বজাৰ কমিটীয়ে খৰ্ব কৰিছে মৌলিক অধিকাৰ
এটা পৰিয়ালৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ একাংশই । পৰিয়ালটোৱে অহা-যোৱা কৰা পথ বন্ধ কৰি কংক্ৰিটৰ বেৰ দিছে বজাৰ সমিতিৰ একাংশই ।
কামৰূপ,12ছেপ্টেম্বৰঃ বকোৰ তাৰাবাৰীত এক আজৱ ঘটনা । এটা পৰিয়ালৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ একাংশই । পৰিয়ালটোৱে অহা-যোৱা কৰা পথ বন্ধ কৰি কংক্ৰিটৰ বেৰ দিছে বজাৰ সমিতিৰ একাংশই । ঘটনা অনুসৰি পদ্মিনী বনিক্য নামৰ মহিলাগৰাকীৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ আৱন্টিত ভূমিৰ সমীপতে নিজা ভূমিত বসবাস কৰি আহিছে । কিন্তু বজাৰ সমিতিৰে প্ৰত্যক্ষভাৱে জড়িত মনোৰঞ্জন দাস নামৰ লোকজনৰ সৈতে মতানৈক্য আছে পদ্মিনী বনিক্যৰ পৰিয়ালৰ । যাৰ বাবে এই মতানৈক্যৰ গইনা লৈ পৰিয়ালটোৰ পথ বন্ধ কৰি দিয়ে তাৰাবাৰী দেওবৰীয়া বজাৰ সমিতিৰ একাংশই । বজাৰ সমিতিয়ে নিজ ভূমিতেই ৱাল নিৰ্মাণ কৰিছে যদিও মাত্ৰ এটা পৰিয়ালক লক্ষ্য কৰি ৱাল দিয়া কাৰ্যই বৰ্তমান চৰ্চিত হৈ পৰিছে । কংক্ৰিটৰ ৱাল দি পৰিয়ালটো আৱদ্ধ কৰি ৰখা ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
BYTE_ভূক্তভোগী।
কংক্ৰিটৰ ৱাল দি পৰিয়ালটো আৱদ্ধ কৰি ৰখা ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূক্তভোগীয়ে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Conclusion: