ETV Bharat / state

প্ৰসাদ, শংকৰ সংঘ আৰু এজাহাৰ বিতৰ্কঃ হাজোত চৰ্চা

author img

By

Published : Jun 15, 2019, 12:46 PM IST

Updated : Jun 15, 2019, 2:21 PM IST

বৈঠকৰ শেষত সংঘৰ বিষয় ববীয়াই গ্ৰহণ কৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰসাদ ৷ সংঘৰ ভুল স্বীকাৰৰ পিছতে হাজো আৰক্ষী থানাত দিয়া গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্চতীৰ্থ দলৈয়ে ৷

তুমুল বাক বিতণ্ডাৰ পাছতেই সংঘৰ বিষয় ববীয়াই গ্ৰহণ কৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰসাদ

কামৰূপ, 15 জুন: প্ৰথমে প্ৰসাদ তাৰপিচত এজাহাৰ আৰু আজি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পদূলিত সংঘৰ প্ৰতিনিধি ৷ শনিবাৰে শংকৰ সংঘৰ কামৰূপ জিলা সমিতি আৰু কৰুণা কান্ত কলিতা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত হয় হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগনত ৷ সংঘৰ প্ৰতিনিধি আৰু মন্দিৰৰ পঞ্চতীৰ্থ দলৈ শিৱ প্ৰসাদ শৰ্মা আৰু মন্দিৰ পৰিচালনা সমিতিৰে অনুষ্ঠিত হোৱা বৈঠকত সৃষ্টি হয় তুমুল বাক-বিতণ্ডা ৷ বৈঠকত দুই মেৰুত অৱস্থান দুই পক্ষৰ ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংঘৰ প্ৰতিনিধিয়ে দায়ী কৰিলে সংবাদ মাধ্যমক ৷ পৰৱৰ্তী সময়ত বৈঠকৰ অন্তত শংকৰ সংঘৰ বিষয়ববীয়াই ক্ষমা বিচাৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিক ৷ আনকি সংঘৰ বিষয়ববীয়াই গ্ৰহণ কৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰসাদ ৷ সংঘৰ ভুল স্বীকাৰ পিছতে হাজো আৰক্ষী থানাত দিয়া গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে পঞ্চতীৰ্থ দলৈয়ে ৷

উল্লেখ্য যে, এতিয়াও অব্যাহত আছে অধ্যাপকৰ পৰিয়ালক এঘৰীয়া কৰা ঘটনাৰ প্ৰতিক্ৰিয়া । হয়গ্ৰীৱ মাধৱ মন্দিৰত ভোগ গ্ৰহণ কৰাৰ বাবে সংঘৰ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ পাঠক আৰু পাঠকৰ পুত্ৰ গৱেষক তথা ৰামদিয়া বিচিএম কলেজৰ সহকাৰী অধ্যাপক ড: মুকুট পাঠকক শৰণ ভষ্ট হোৱা বুলি সংঘই দোষী সাব্যস্ত কৰি এঘৰীয়া কৰাৰ পিছত হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে এজাহাৰ দিছিল হাজো আৰক্ষী থানাত । তাৰ পাছতে হাহাকাৰ লাগিছিল সংঘৰ দুই শাখাৰ মাজত ।

VISUALS SEND BY FTP

Slug- HAJO- SANKAR SANGHA MEETING AT MADHAB MANDIR

*শংকৰ সংঘৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰৰ পিছত মাধৱ মন্দিৰৰ পদূলিত  শংকৰ সংঘৰ প্ৰতিনিধি*

Script- অধ্যাপকৰ পৰিয়ালক এঘৰীয়া কৰা ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। হয়গ্ৰীৱ মাধৱ মন্দিৰত ভোগ গ্ৰহণ কৰাৰ বাবে সংঘৰ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ পাঠক আৰু পাঠকৰ পুত্ৰ গৱেষক তথা ৰামদিয়া BCM কলেজৰ সহকাৰী অধ্যাপক ড: মুকুট পাঠকক শৰণ ভ্রষ্ট হোৱা বুলি সংঘই দোষী সাব্যস্ত কৰি এঘৰীয়া কৰাৰ পিছত হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে এজাহাৰ দিছিল। তাৰ পাছতে হাহাকাৰ লাগিছিল সংঘৰ দুই শাখাৰ মাজত। আজি শংকৰ সংঘৰ কামৰূপ জিলা সমিতি আৰু কৰুণা কান্ত কলিতা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত হয় মাধৱ মন্দিৰত। পঞ্চতীৰ্থ দলৈ শিৱ প্ৰসাদ শৰ্মা আৰু মন্দিৰপৰিচালনা সমিতিৰে বৈঠকত সৃষ্টি হল বাক বিতন্দা। দুই মেৰুত দুই পক্ষ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত সংঘৰ প্ৰতিনিধিয়ে দায়ী কৰিলে সংবাদ মাধ্যমক। বৈঠকৰ পাছতে *শংকৰ সংঘৰ বিষয় ববীয়াই ক্ষমা বিচাৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিত*। *সংঘৰ বিষয় ববীয়াই গ্ৰহণ কৰিলে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰসাদ।* সংঘৰ ভুল স্বীকাৰ পিছতে পঞ্চতীৰ্থ দলৈয়ে হাজো আৰক্ষী থানাত দিয়া গোচৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Last Updated : Jun 15, 2019, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.