ETV Bharat / state

Irresponsibility of electricity department : বিদ‍্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতা, বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান - Extreme irresponsibility of electricity department

পথৰ সোঁমাজতে বিদ্যুত পৰিবাহী তাঁৰ ওলোমাই পুতিছে বাঁহৰ খুটা ৷ হাতৰ মুঠিত জীৱন লৈ যাতায়ত কৰিছে গাঁওবাসীয়ে ৷

bamboo poles provide electricity
বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান
author img

By

Published : Jul 6, 2023, 8:17 PM IST

বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান

ৰঙিয়া, 6 জুলাই : বিদ‍্যুৎ বিভাগৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে ৰঙিয়াৰ কৰাৰা গড়ভিতৰ বালাগাঁৱত ভয় আৰু শংকাৰ মাজেৰে দিন পাৰ কৰিছে শতাধিক পৰিয়ালে । বাহৰ খুঁটাৰে উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুৎ পৰিবাহী তাঁৰ যোগান ধৰিছে বিদ্যুৎ বিভাগে । স্থানীয় ৰাইজক কেৰেপ নকৰে ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ-সংমণ্ডলে । উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুৎ পৰিবাহী তাঁৰৰ বাহৰ খুটা গুৰুত্বপূৰ্ণ পথৰ মাজত থিয় কৰাই ৰাখিছে ।

প্ৰতিদিনে যাতায়ত কৰা শতাধিক লোকে হাতৰ মুঠিত জীৱন লৈ যাতায়ত কৰিবলৈ বাধ্য হৈছে । উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ আছে বাহৰ খুঁটাটোৰ নিচেই তলত । বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন পৰিবাহী তাঁৰবোৰ ২৫ ৰ পৰা ৩৫ ফুট উচ্চতাত যোগান ধৰিব লাগে কিন্তু কৰাৰা গড়ভিতৰ বালাগাঁৱত মাটিৰ পৰা মাত্ৰ ১০ ফুট উচ্চতাত বাহৰ খুঁটাত তাঁৰ ওলমাই যোগান ধৰিছে বিদ্যুতৰ। যাৰ বাবে প্ৰায়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । লগতে আন এক মৰণফান্দ পাতিছে ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ-সংমণ্ডলে ।

৫০ ফুট বিদ্যুতৰ তাঁৰত ৭ টাতকৈ জোৰা টাপলি মাৰি বিদ্যুৎ যোগান ধৰিছে গাঁওবাসীক । ৰাইজে এই জ্বলন্ত সমস্যাৰ সমাধান বিচাৰি লিখিত অভিযোগ দিছিল ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ-সংমণ্ডলক । কিন্তু নাই কোনো গুৰুত্ব নিদিলে । এনেদৰেই দিনৰ পিচত দিন বাগৰিছে ।

আনহাতে এই খুঁটাটোৰ তাঁৰসমূহৰ ওপৰতে পৰি থকা বাঁহবোৰৰ বাবে নিচেই ওচৰত থকা লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । যিকোনো সময়তে বতাহ বৰষুণ বা অন্য কাৰণত যদি এই তাঁৰসমুহ ছিঙি যায় তেতিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে অঞ্চলটোত । কিছুদিন পূৰ্বে তাঁৰ ছিঙি মাটিৰ ওপৰত ভয়ংকৰ জুই লগাৰ কথা উল্লেখ কৰে স্থানীয় লোকসকলে । ৰাইজে অনতিপলমে বিষয়টো সন্দৰ্ভত এক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: Road accident in Jorhat: যমদূতৰূপী পথ! খালত সোমাল এম্বুলেন্স

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.