ৰঙিয়া, ৪ নৱেম্বৰ : দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক হৰিমন্দিৰ প্ৰাংগনত প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাই(Senior BJP leader Ramen Deka) সম্পূৰ্ণ ব্যক্তিগত ধনেৰে নিৰ্মাণ কৰিছে শ্ৰীশ্ৰী বৈষ্ণু দেৱী মন্দিৰ ৷ এই মন্দিৰটো উদ্বোধনৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ মহখলিত সপৰিয়ালে উপস্থিত হয় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ প্ৰাক্তন সাংসদগৰাকীয়ে ফিটা কাটি মন্দিৰৰ দ্বাৰ উদ্বোধন কৰাৰ পিছত মন্দিৰৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ উদ্দেশ্য পূজা অনুষ্ঠিত কৰা হয় ।
মাংগলিক কৰ্মৰে মন্দিৰটো ৰাইজৰ বাবে মুকলি কৰাৰ পিছত ৰমেন ডেকাৰ পৰিয়ালৰ লগতে ৰাইজেও দেৱীৰ শ্ৰীচৰণত আঠু লয় । মন্দিৰ উদ্বোধনৰ মাংগলিক কাৰ্য চলি থকাৰ মাজতে সমীপৱৰ্তী দহখন গাঁৱৰ আয়তীসকলে মন্দিৰৰ প্ৰাংগনত নাম প্ৰসংগ কৰে । মন্দিৰৰ উদ্বোধন সম্পূৰ্ণ হোৱাৰ পাছত হৰি মন্দিৰৰ প্ৰাংগতেই এখন সভা অনুষ্ঠিত কৰা হয় । সভাখনত হৰিমন্দিৰ ৰাস মহোৎসৱ সমিতিৰ আয়োজকসকলৰ লগতে ৰাইজে প্ৰাক্তন সাংসদ ৰমেন ডেকাক এখন ফুলাম গামোচা, এখন মানপত্ৰ, এটা জাপিৰে সম্বৰ্ধনা জনায় ৷
একেদৰে হৰিমন্দিৰ কৰ্তৃপক্ষই ৰাধা কৃষ্ণৰ যুগল মূৰ্তি আৰু হৰিমন্দিৰৰ মূৰ্তি নিৰ্মাণ কৰা কাৰিকৰসকলে অনন্ত শয্যাৰে তেওঁক সম্বৰ্ধনা জনায় । বিজেপিৰ নেতাগৰাকীয়ে উক্ত সভাখনতেই ৰাস মন্দিৰৰ মূল বিগ্ৰহটো ব্যক্তিগত ধনেৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিব বুলি ঘোষণা কৰে । সভাখনত মনৰ কথা ব্যক্ত কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, বৈষ্ণু দেৱী মন্দিৰ যথেষ্ট দূৰত আছে । গতিকে যিসকল ভক্তপ্ৰাণ ৰাইজে ইমান দুৰলৈ যাব নোৱাৰে তেওঁলোকে ইয়াতে দেৱীৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ’ব বুলি এই মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ মনস্থ কৰিছিল ।
মন্দিৰৰ দ্বাৰ ৰাইজৰ বাবে মুকলি কৰি প্ৰাক্তন সাংসদ ৰমেন ডেকাই(EX MP Ramen Deka) মন্দিৰৰ সম্পূৰ্ণ দায়িত্ব ৰাইজৰ হাতত অৰ্পণ কৰে । সভাখনতেই ৰাস উদযাপন সমিতিয়ে সাংসদগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে মন্দিৰৰ বিগ্ৰহ নিৰ্মাণ কৰা কাৰিকৰ গৰাকীকো সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত প্ৰাক্তন সাংসদগৰাকীৰ লগতে বিজেপিৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল প্ৰমুখ্যে বিজেপিৰ কেইবাগৰাকীও নেতা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
আনহাতে শ্ৰীশ্ৰী মা' বৈষ্ণু দেৱী মন্দিৰটো প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ পৰিয়ালে সুন্দৰভাৱে নিৰ্মাণ কৰি ৰাইজক অৰ্পণ কৰাৰ বাবে প্ৰাক্তন সাংসদগৰাকীক অঞ্চলটোৰ ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে ।
লগতে পঢ়ক: 75 workers rescued from Arunachal: অৰুণাচলত আৱদ্ধ মৰিয়নিৰ ৮ শ্ৰমিকৰ লগতে ৭৫ শ্ৰমিকক উদ্ধাৰ