ৰঙিয়া, 5 মে': ইটিভি ভাৰতত সম্প্ৰচাৰিত এক বাতৰিযোগে ৰঙিয়াৰ বালাগাঁওস্থিত নামনি অসমৰ সৰ্ববৃহৎ মাছৰ পোনাৰ বজাৰখনৰ ব্যৱসায়ীসকলৰ সমস্যাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল । চৰকাৰে মাছৰ পোনা উৎপাদনৰ বাবে অনুমতি প্ৰদান কৰিছিল যদিও, কেনেদৰে ৰপ্তানি কৰা হ'ব বা বিক্ৰী কৰা হ'ব এই বিষয়ে স্পষ্ট কৰি নিদিয়াত সমস্যাৰ সন্মুখীন হৈছিল ব্যৱসায়ীসকল । এই সমস্যা সন্দৰ্ভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰৰ পিচতে, মহকুমা প্ৰশাসনে ব্যৱসায়ীসকলৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহে ।
ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ড৹ বেদাংগ তালুকদাৰে মীন বিভাগৰ লগত যোগাযোগ কৰি এই সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰি সমাধানৰ বাট মুকলি কৰে । বজাৰ খনত জিলা মীন বিষয়াৰ সৈতে ভাৰপ্ৰাপ্ত উপায়ুক্ত গৰাকী উপস্থিত হৈ বজাৰখন মুকলি কৰি দিয়ে । তেওঁলোকে ব্যৱসায়ীসকলৰ লগত মত বিনিময় কৰে আৰু কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে সকলোকে সজাগ কৰে । বজাৰখনত যাতে চেনিটাইজেশ্যনৰ নীতি নিয়মসমূহ সঠিক ৰূপত পালন হয়, সেই বিষয়ে নিৰীক্ষণ কৰিবলৈ এগৰাকী বিষয়াকো নিয়োগ কৰা হৈছে ।
লগতে পঢ়কঃ বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ