ETV Bharat / state

ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পাচতে ৰাইজে পালে বিদ্যুতৰ পকী খুঁটা - বিভাগীয় কৰ্তৃপক্ষ

ৰঙিয়াত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে বিদ্যুৎ বিভাগে যোগান ধৰিলে পকী বিদ্যুতৰ খুঁটা ৷ ইটিভি ভাৰতক ধন্যবাদ ৰাইজৰ ৷

etv-bharat-impact-news-rangia-electricity
ইটিভি ভাৰতৰ বাতৰিৰ পিচতে গা-লৰিল ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ
author img

By

Published : Dec 9, 2020, 8:45 PM IST

ৰঙিয়া, 9 ডিচেম্বৰ : ইটিভি ভাৰতৰ বাতৰিৰ পিচতে গা-লৰিল বিদ্যুৎ বিভাগৰ ৷ ৰঙিয়াৰ 2 নং বৈদ্যুতিক সংমণ্ডলৰ অধীনৰ পিতাম্বৰ হাটবজালীত দীৰ্ঘদিন ধৰি বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰি থকাৰ পিচত বিদ্যুৎ বিভাগে বাঁহৰ খুটাৰ সলনি স্থাপন কৰিলে পকী খুঁটা ৷

উল্লেখ্য যে, 3 ডিচেম্বৰত ইটিভি ভাৰতৰ জৰিয়তে সম্প্ৰচাৰ হৈছিল পিতাম্বৰ হাটবজালীত বাঁহৰ খুঁটাৰে বিদ‍্যুৎ যোগান ধৰাৰ বাতৰি ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ 2 নং বৈদ্যুতিক উপ-সংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল । আনকি, কেইবাবাৰো উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল ৷

স্থানীয় ৰাইজৰ মন্তব্য

লগতে পঢ়ক : 100 দিনত 100 মিলিয়ন পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি জ' বাইডেনৰ

ইফালে, স্থানীয় ৰাইজে বাঁহৰ খুঁটাৰ পৰিৱৰ্তে পকী খুঁটা স্থাপন কৰাৰ বাবে আবেদন জনাইছিল বিভাগীয় কৰ্তৃপক্ষক ৷ কিন্তু বিদ‍্যুৎ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে ।

আনহাতে, ইটিভি ভাৰতৰ বাতৰিৰ পিচতে বিদ্যুৎ বিভাগে তৎপৰ হৈ বাঁহৰ খুটাৰ পৰিৱৰ্তে পকী খুঁটা স্থাপন কৰিলে ৷ যাৰবাবে দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ বাবে স্থানীয় ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : উত্তৰ কাশ্মীৰৰ পাট্টানত গ্ৰেনেড বিস্ফোৰণ : আহত 7

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.