ETV Bharat / state

ছয়গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ

author img

By

Published : Sep 18, 2020, 7:34 PM IST

কামৰূপৰ ছয়গাঁৱৰ আমবাৰীত ভয়ংকৰ ৰূপ ধাৰণ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ৷ যিকোনো মুহুৰ্ততে লুইতৰ বুকুত বিলীন হ’ব পাৰে পলাশবাৰী-গুমি মথাউৰিৰ এক বৃহৎ অংশ ৷

Erosion of Brahmaputra in chaigaon kamrup assam etv bharat news
খহনীয়া

ছয়গাঁও,18 চেপ্তেম্বৰ: যিকোনো মুহুৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব পাৰে পলাশবাৰী-গুমী মথাউৰিৰ এক বৃহৎ অংশ ৷ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ আমবাৰীত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত এই মথাউৰি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে ৷ মথাউৰিটোৰ প্ৰায় 200 মিটাৰ এলেকাত বিগত এমাহৰ পৰাই এই খহনীয়া অব্যাহত আছে ।

ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত

বিভাগীয় কৰ্তৃপক্ষই গছৰ ডাল তথা বাঁহৰ পাৰ্কুপাইনৰ লগতে কিছুসংখ্যক জিঅ’ বেগেৰে এই খহনীয়া ৰোধৰ চেষ্টা চলাই থকা দেখা গৈছে ৷ কিন্তু খহনীয়াৰ তীব্ৰ ৰূপৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ লগতে পলাশবাৰী,ছয়গাঁও,বকো সমষ্টিৰ এক বিস্তৃত এলেকাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ খহনীয়াৰ এই ৰূপৰ ফলত সম্প্ৰতি সংশয়ৰ মাজেৰে দিন অতিবাহিত কৰিছে নৈপৰীয়া লোকসকলে ৷

লগতে চাওকঃ বজালীলৈ সঘন আহ-যাহ বিজেপিৰ ৰাজ্যিক সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.