ETV Bharat / state

ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অভিযন্তা ৷ লোক নিৰ্মাণ বিভাগৰ দীপক মজুমদাৰ নামৰ অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ ৷

author img

By

Published : Oct 23, 2021, 11:18 AM IST

এইবাৰ ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত আটক হ'ল অভিযন্তা

ৰঙিয়া, 23 অক্টোবৰ : দুৰ্নীতিত পোত গৈছে ৰাজ্যৰ অধিকাংশ বিভাগ ৷ বিগত সময়চোৱাত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত একাংশ বিভাগৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী অভিযান চলা পৰিলক্ষিত হৈছিল ৷ পিছে ৰাজ্য চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ হ’লেও কিন্তু একাংশ চৰকাৰী বিষয়াই দুৰ্নীতি সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই ৷ শেহতীয়াকৈ ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত আটক হ'ল এগৰাকী অভিযন্তা ৷

ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা

অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, তেল ডিপোৰ NOC দিয়াৰ বাবে অতিৰিক্ত ধন লৈছিল অভিযন্তাজনে ৷ ইতিপূৰ্বে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত অভিযন্তাগৰাকীয়ে ধন দাবী কৰাৰ এক ফোন ৰেকৰ্ডিং প্ৰকাশ পাইছিল ৷ দুৰ্নীতিক প্ৰশয় দিয়া অভিযন্তাজন হৈছে ৰঙিয়াৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰ ৷

ৰঙিয়া থানাৰ 1013/2021 গোচৰত 384/420/406/506/34 ধাৰাত আটক কৰা হৈছে অভিযন্তাজনক । আটকাধীন দীপক মজুমদাৰক আৰক্ষীয়ে হাজিৰ কৰে ৰঙিয়া মহকুমাৰ ন্যায়িক আদালতত । অভিযন্তাজনৰ জামিনৰ বাবে অধিবক্তাই আবেদন জনাইছিল যদিও আদালতে এই আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, খনীন মেধি নামৰ লোকজনে এইগৰাকী অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

লগতে চাওক: মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ'পেক্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.