বকো, 19 নৱেম্বৰ: বকোৰ হাহিমত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ বনৰীয়া হাতীৰ জাকে থেতি পথাৰৰ তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে বহু বাসগৃহ৷ বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া হাহিম ৰাইজে ভয়াৰ্ত হৈ নিশা উজাগৰে কটাব লগীয়া হৈছে ৷ বৃহস্পতিবাৰে পুৱাই প্ৰায় 50 জনীয়া এটা হাতীৰ জাকে ত্ৰাসৰ সৃষ্টি কৰে হাহিম অঞ্চলত ৷ হাহিমৰ কাষেৰে বৈ যোৱা শিংৰা নৈৰে পাৰ হৈ হাহিম অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে হাতীৰ জাকটোৱে ৷ কিন্তু পশ্চিম কামৰূপ বন সংমণ্ডলে কাণ সাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ ৷
উল্লেখ্য যে, হাহিমত পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত এটা ফৰেষ্ট বিট অফিচ আছে যদিও তাতো কৰ্মচাৰীৰ অভাৱ ৷ প্ৰত্যেক বছৰে হাহিমৰ ৰাইজে এনেদৰে যাতনা ভোগিছে যদিও কানষাৰ নাই বন বিভাগৰ ৷
লগতে পঢ়কঃ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে