ETV Bharat / state

গৰাখহনীয়া বন্ধৰ উদ্দেশ্যে ৰোপণ এলিফেণ্ট গ্ৰাছ

author img

By

Published : Jun 12, 2020, 8:06 PM IST

অসম একতা পৰিষদৰ উদ্যোগত ছয়গাঁও বিধানসভা সমষ্টিৰ গুমী বাংকাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমবাৰী গাঁৱত ৰোপণ এলিফেণ্ট গ্ৰাছ ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ পৰিষদৰ ৷

elephant grass plantation chaigaon kamrup assam etv bharat news
এলিফেণ্ট গ্ৰাছ ৰোপণ

ছয়গাঁও, ১২ জুন: ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ অসম একতা পৰিষদৰ ৷ পৰিষদৰ উদ্যোগত ছয়গাঁও বিধানসভা সমষ্টিৰ গুমী বাংকাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমবাৰী গাঁৱত ৰোপণ এলিফেণ্ট গ্ৰাছ ৷ ব্ৰহ্মপুত্ৰ নদীৰ পৰা প্ৰায় ৫০মিটাৰ দূৰত্বত এবিঘা মাটিত ৰোপণ কৰা হৈছে এই এলিফেণ্ট গ্ৰাছ অৰ্থাৎ হাতীঘাহ ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে গাঁও পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ ।

এলিফেণ্ট গ্ৰাছ ৰোপণ

উল্লেখ্য যে,অনিয়ন্ত্ৰিতভাৱে গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰা,পাহাৰৰ মাটি কটা,বৃহৎ নদীবান্ধ নিৰ্মাণ আদিৰ প্ৰভাৱত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে বানৰ লগতে সৃষ্টি কৰে গৰাখহনীয়া ৷ পানী,বন আৰু ভূমিৰ অধিকাৰৰ বিষয়ে কাম কৰি অহা ৰাষ্ট্ৰীয় গান্ধীবাদী সামাজিক সংগঠন অসম একতা পৰিষদৰ ৰাজ্যিক সমন্বয়ক ডিম্বেশ্বৰ নাথে পৰিষদে বিশেষকৈ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ বাবে চৰকাৰী বিভাগৰ লগত যোগাযোগ কৰাৰ কথা প্ৰকাশ কৰে ৷ বিগত বৰ্ষত ধলা-শদিয়াতো এই ঘাহ ৰোপণেৰে সুফল লাভ কৰা বুলি নাথে জানিবলৈ দিয়ে ।

লগতে চাওকঃ গোপনে সৰবৰাহ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সামগ্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.