দক্ষিণ কামৰূপ, 23 অক্টোবৰঃ দক্ষিণ কামৰূপৰ লোহাৰঘাটত অঘটন ৷ লোহাৰাঘাটৰ বাগানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন কৰ্মচাৰীৰ । ঘটনা অনুসৰি লোহাৰঘাটস্থিত অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ ৩৩/১১ কে ভি,২৫ এম ভি এ উপকেন্দ্ৰত কাম কৰি থকা অৱস্থাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি চিটিকি পৰিছিল ইন্দ্ৰজিৎ ৰাভা নামৰ লোকজন ৷ পিছত ততাতৈয়াকৈ লোকজনক মিৰ্জা চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যুক আঁকোৱালি লয় লোকজনে। উল্লেখ্য যে ইন্দ্ৰজিৎ ৰাভা নামৰ লোকজনে অসম বিদ্যুৎ বিতৰণ কোম্পানী কেন্দ্ৰটোত ঠিকাভিত্তিত কৰ্মৰত আছিল। কোম্পানীটোৰ ভিতৰত কাম কৰি থকা অৱস্থাত বুধবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছিল এই অনাকাংক্ষিত ঘটনাটো। আনহাতে লোকজনৰ মৃত্যুত বৰ্তমান লোহাৰঘাট অঞ্চলটোত বৰ্তমান শোকৰ ছাঁ বিৰাজ কৰিছে।
দক্ষিণ কামৰূপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ - electric shock dead in assam power distribution company
লোহাৰঘাটস্থিত অসম বিদ্যুৎ বিতৰণ কোম্পানীত কৰ্মৰত অৱস্থাত চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীৰ মৃত্যু । কাম কৰি থকা অৱস্থাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি চিটিকি পৰিছিল ইন্দ্ৰজিৎ ৰাভা নামৰ কৰ্মচাৰীজন ৷ পাচত মিৰ্জা চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় লোকজনে ।
দক্ষিণ কামৰূপ, 23 অক্টোবৰঃ দক্ষিণ কামৰূপৰ লোহাৰঘাটত অঘটন ৷ লোহাৰাঘাটৰ বাগানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন কৰ্মচাৰীৰ । ঘটনা অনুসৰি লোহাৰঘাটস্থিত অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ ৩৩/১১ কে ভি,২৫ এম ভি এ উপকেন্দ্ৰত কাম কৰি থকা অৱস্থাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি চিটিকি পৰিছিল ইন্দ্ৰজিৎ ৰাভা নামৰ লোকজন ৷ পিছত ততাতৈয়াকৈ লোকজনক মিৰ্জা চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যুক আঁকোৱালি লয় লোকজনে। উল্লেখ্য যে ইন্দ্ৰজিৎ ৰাভা নামৰ লোকজনে অসম বিদ্যুৎ বিতৰণ কোম্পানী কেন্দ্ৰটোত ঠিকাভিত্তিত কৰ্মৰত আছিল। কোম্পানীটোৰ ভিতৰত কাম কৰি থকা অৱস্থাত বুধবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছিল এই অনাকাংক্ষিত ঘটনাটো। আনহাতে লোকজনৰ মৃত্যুত বৰ্তমান লোহাৰঘাট অঞ্চলটোত বৰ্তমান শোকৰ ছাঁ বিৰাজ কৰিছে।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam