ETV Bharat / state

ছয়গাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি ৰেকিবুদ্দিন আহমেদৰ

শনিবাৰে ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত ৭ নং উত্তৰ পূৱ বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জামবাৰীত প্ৰায় ৩০০ জন অসম গণ পৰিষদ দলৰ সদস্য তথা নেতাই কংগ্ৰেছ দলত যোগদান কৰে । মহাজোঁট বন্ধন তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ উপস্থিতিত যোগদান কৰে নেতা-সদস্যসকলে ।

author img

By

Published : Mar 28, 2021, 2:19 PM IST

ৰেকিবুদ্দিন আহমেদ
ৰেকিবুদ্দিন আহমেদ

বকো,২৮ মাৰ্চ: ইতিমধ্যে ৰাজ্যৰ একাংশ অঞ্চলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হ'ল । তাৰ লগে লগে অধিক তৎপৰ হৈ পৰিছে দ্বিতীয় আৰু তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ নিৰ্বাচনৰ বাবে । ৬ এপ্ৰিলত তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিতো নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত । শনিবাৰে নিশা ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত ৭ নং উত্তৰ পূৱ বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জামবাৰীত পঞ্চায়তত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । মহাজোঁট বন্ধন তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ লগত পত্নী তথা ভাৰতীয় মহিলা কংগ্ৰেছ দলৰ সমন্বয়ক নুৰী আহমেদে মুকলি কৰে কাৰ্যালয়টো ।

ছয়গাঁৱত নিৰ্বাচনী কাৰ্যালয় মুকলি ৰেকিবুদ্দিন আহমেদৰ

কাৰ্যালয় মুকলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাতে প্ৰায় ৩০০ জন অসম গণ পৰিষদ দলৰ সদস্য তথা নেতাই কংগ্ৰেছত যোগদান কৰে । এইবাৰ গুণ্ডাগিৰিৰ ৰাজনীতি নচলিব ছয়গাঁও সমষ্টিত, কিয়নো ছয়গাঁৱৰ ৰাইজে বুজি উঠিছে যোৱা ২০ বছৰত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ছয়গাঁৱৰ কি উন্নয়ন কৰিলে ৷ ৰেকিবুদ্দিন আহমেদে পাহাৰে-ভৈয়ামে সকলো ফালে কি কি উন্নতি কৰিছে বুলি অগপ দলৰ প্ৰাৰ্থী কমলা কলিতাক কটাক্ষ কৰি এইদৰে কয় প্ৰাৰ্থীগৰাকীয়ে ।

লগতে এই সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে ঘোষণা কৰে যে, ৩১ মাৰ্চৰ পুৱা ৯ বজাত ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত প্ৰীতিপুৰ মিলনপথাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাইজক সম্বোধন কৰিব কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে ।

লগতে পঢ়ক: মহিলাৰ দ্বাৰা পৰিচালিত দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.