ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত নিৰ্বাচনী আয়োগৰ দল - গুৱাহাটী

গুৱাহাটীত সোমবাৰে উপস্থিত নিৰ্বাচনী আয়োগৰ দল ৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে দলটো ৷ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত সমীক্ষা চলাব দলটোৱে ৷

election commission team
নিৰ্বাচনী আয়োগৰ দল
author img

By

Published : Jan 18, 2021, 5:34 PM IST

Updated : Jan 18, 2021, 8:14 PM IST

আজাৰা,18 জানুৱাৰী : সোমবাৰে অসমত উপস্থিত হৈছে নিৰ্বাচনী আয়োগৰ দল ৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে দলটো ৷

দিল্লীৰ পৰা বিমানযোগে নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাসহ আয়োগৰ আটাইকেইজন বিষয়া উপস্থিত হৈছে মহানগৰীত । উপস্থিত হোৱা আন সদস্যসকল হৈছে- নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ, ৰাজীৱ কুমাৰ, ভাৰতীয় নিৰ্বাচনী আয়োগৰ ডিজি ধৰ্মেন্দ্ৰ শৰ্মা, ডিইচি চন্দ্ৰ ভূষণ শৰ্মা, এডিজি, পিআইবি আৰু মুখপাত্ৰ শ্বেইফহাইল বি চৰণ, জ্যেষ্ঠ সচিব প্ৰধান নৰেন্দ্ৰ এন বুট’লিয়া, ব্যয় পৰিচালক পংকজ শ্ৰীবাস্তৱ আৰু ইভিএম পৰামৰ্শদাতা বিপিন কাটাৰা ৷

নিৰ্বাচনী আয়োগৰ দল

আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত সমীক্ষা চলোৱাৰ লগতে নিৰ্বাচন সন্দৰ্ভত সকলো পৰিস্থিতিৰ বুজ ল’ব আয়োগৰ দলটোৱে ৷ ৰাজনৈতিক দল, আৰক্ষী উচ্চ পদস্থ বিষয়া, গৃহ বিভাগ, নিৰ্বাচন বিভাগৰ সৈতে বৈঠকত মিলিত হ’ব দলটোৱে । বৰঝাৰ বিমানবন্দৰৰ পৰা দলটোৱে পোনে পোনে হোটেল ৰেডিশ্বন ব্লুলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, আগন্তুক এপ্ৰিল মাহত ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিকল্পনা চলি আছে যদিও বৰ্তমানো সঠিক তথ্য প্ৰকাশ হোৱা নাই ৷ নিৰ্বাচনী আয়োগৰ উপস্থিতিয়ে নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিব ৷

লগতে পঢ়ক : 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে

Last Updated : Jan 18, 2021, 8:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.