বকো,27 মাৰ্চ: আজি ৰাজ্যৰ এটা প্ৰান্তত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ তাৰ সমান্তৰালভাৱে তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে বকো বিধানসভা সমষ্টিতো চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন দল সংগঠনৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাস ৷ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু ৰাভা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ৰাভা সংগঠনে প্ৰাৰ্থী গৰাকীৰ বাবে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷
শনিবাৰে বকো সমষ্টিৰ জাৰিহাটত সংগঠনসমূহে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা । মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ বাবে অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ কাউঞ্চিল কম্বুৰাম ৰাভা আৰু শোভাৰাম ৰাভা, কামৰূপ জিলা গোৰ্খা কল্যাণ কমিটিৰ সম্পাদক কৈলাশ শৰ্মা, কোচ-ৰাজবংশী যুৱ সন্মিলনীৰ সভাপতি বিষ্ণুৰাম দাস, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নোমল ৰাভা সহিতে বহু দল-সংগঠনৰ নেতা ।