আজাৰা, ২৫ মে': ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি । গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্য প্ৰান্ততো অনুভূত হয় মৃদু ভূমিকম্পৰ জোকাৰণি । সোমবাৰে সন্ধিয়া ৮ বাজি ১২ মিনিটত অনুভুত হয় এই জোকাৰণি । ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.৪ জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই ।
ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল সেয়া জানিব পৰা হোৱা নাই যদিও অভিকেন্দ্ৰ হিচাপে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি মণিপুৰৰ চুৰাচান্দপুৰ বুলি জানিব পৰা গৈছে । আনহাতে, বৰ্তমান পৰ্যন্ত ভূমিকম্পত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা হোৱা নাই ।