ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন বাইহাটা চাৰিআলিৰ এজন ব্যক্তিৰ

সংস্থাপনৰ সমস্যাই জুৰুলা কৰা আজিৰ প্ৰজন্মলৈ কৃষিৰে আদৰ্শৰ বাৰ্তা শিৱ ডেকাৰ ৷ পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

author img

By

Published : Nov 8, 2021, 5:39 PM IST

earning-money-through-farming
কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন বাইহাটা চাৰিআলিৰ এজন ব্যক্তিৰ

কামৰূপ, 8 নৱেম্বৰ: সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী খেতিয়ক ৷ কমলপুৰ সমষ্টিৰ আজাৰাৰ শিৱ ডেকাই কৃষি কাৰ্যৰ দ্বাৰা নিজৰ পৰিয়ালৰ লগতে আন দহটা পৰিয়ালৰো উপাৰ্জনৰ পথ মুকলি কৰিছে ৷

earning-money-through-farming
কৃষি কৰ্মৰে স্বাৱলম্বীতা

কৃষিৰ ওপৰত নিৰ্ভৰ কৰি যে এটা সুন্দৰ জীৱন কটাব পাৰি তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱাইছে শিৱ ডেকাই ৷ বৰ্তমানৰ চাকৰিমুখী প্ৰজন্ম তথা কৰ্মসূত্ৰে বাহিৰত থকাসকলৰ বাবে তেওঁ আদৰ্শস্বৰূপ হৈ পৰিছে ৷

earning-money-through-farming
কৃষি কৰ্মৰে স্বাৱলম্বীতা

২৫ বিঘাৰো অধিক মাটিত জৈৱিক পদ্ধতিৰে খেতি কৰি তেওঁ দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন ৷ কবি, মূলা, গাজৰ, বিলাহীকে ধৰি কেইবাবিধো পাচলি খেতি কৰি মেলি দিছে বজাৰলৈ ৷ কিন্তু জৈৱিক পাচলি বিক্ৰীৰ অৰ্থে পৃথক বজাৰ এখন নথকাৰ বাবে তেওঁ মাজে মাজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷

earning-money-through-farming
কৃষি কৰ্মৰে স্বাৱলম্বীতা

তথাপিও সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতিৰ দ্বাৰা তেখেতৰ বছৰি উপাৰ্জন 7 লাখৰো অধিক ৷ আজিৰ প্ৰজন্মক কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ আহ্বান তেখেতৰ ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.