গুৱাহাটী, 8 জানুৱাৰী : ১৯৮৫ চনৰ অগপ চৰকাৰৰ দিনত পাঁচ বছৰৰ বাবে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্বত আছিল তেওঁ ৷ লাহোৱাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচনত জয়ী হৈ ৰাইজৰ সেৱা আগবঢ়াইছিল নেতাগৰাকীয়ে ৷ পাঁচ বছৰৰ কেবিনেট মন্ত্ৰী হোৱাৰ পাছতো আজি তেওঁৰ নাই নিজাকৈ এটা ঘৰ ৷ নাই কোনো বিলাসী গাড়ী ৷ মহানগৰীৰ ৰূপনগৰৰ এটা ভাড়াঘৰৰ বাসিন্দা তেওঁ ৷
আমি ক’ব খুজিছো প্ৰাক্তন মন্ত্ৰী দ্বীপেন তাঁতিৰ কথা ৷ অগপ দলৰ পৰা ১৯৮৫ চনত প্ৰতিদ্বন্দিতা আগবঢ়াই নিৰ্বাচনত জয়ী হৈ ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ দায়িত্ব বহন কৰিছিল তাঁতিয়ে ৷ ১৯৯১ চনলৈকে সক্ৰিয় ৰাজনীতিত জড়িত থকা তাঁতীয়ে ইয়াৰ পাছতেই স্বেচ্ছাই ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷
পূৰ্ণ আঞ্চলিকতাবাদত বিশ্বাসী দ্বীপেন তাঁতীয়ে এতিয়া পুনৰ মন মেলিছে সক্ৰিয় ৰাজনীতিলৈ ৷ অগপ দলৰ পাছত কিছুদিনৰ বাবে কংগ্ৰেছ দলৰ লগত জড়িত হৈছিল যদিও ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোহভংগ ঘটি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল তাঁতীয়ে ৷ সেয়েহে এতিয়া পুনৰ তেওঁ আঞ্চলিক দলতেই যোগদান কৰাৰ পোষকতা কৰে ৷ অৱশ্যে নতুনকৈ গঠন হোৱা আঞ্চলিক দলৰ ওপৰতহে গভীৰ আস্থা আছে তাঁতীৰ ৷
জন্মলগ্নৰে পৰা জড়িত থকা অগপ দলৰ নেতৃত্বৰ প্ৰতি আস্থা নাইকিয়া হৈছে দ্বীপেন তাঁতীৰ ৷ তাঁতীৰ মতে অগপ নেতৃত্বই এতিয়া আদৰ্শহীন ৰাজনীতি কৰিছে ৷ আনহাতে,অগপ সভাপতি অতুল বৰাক কটাক্ষ কৰি তাঁতীয়ে কয়, "নেতা হ’বলৈ মন মেলিলেই নহ’ব ৷ নেতা হ’ব পৰাকৈ গ্লেমাৰো থাকিব লাগিব ৷ সাংগঠনিক দিশ সম্পৰ্কে শিকিবলৈ অগপ নেতৃত্বৰ আৰু বহু বাকী আছে ৷"
সমান্তৰালভাৱে কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দ্বীপেন তাঁতীয়ে কয়, "চৰকাৰী হস্তক্ষেপৰ বাবে জেলত থাকিব লগা হৈছে অখিল ৷ এয়া চৰম দুৰ্ভাগ্যজনক ৷"
লগতে পঢ়ক : ৰাইজৰ দলৰ অভিৱৰ্তনত ধৈৰ্য্য কোঁৱৰৰ উদাত্ত ভাষণ