ETV Bharat / state

ক’ভিড-19ৰ নিয়ম মানি অনুষ্টুপীয়াকৈ অনুস্থিত হ’ব দুৰ্গা পূজা

author img

By

Published : Sep 16, 2020, 5:18 AM IST

Updated : Sep 16, 2020, 6:33 AM IST

উৰুঙা হ’ব এইবাৰৰ দুৰ্গোৎসৱ ৷ পূৰ্বৰ দৰে জাকজমকাতৰে নহয়, সাধাৰণ ভাৱে নিয়মটোহে কৰা হ’ব দুৰ্গা পূজাৰ ৷ ক’ভিড-19ৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰ তথা পূজা আয়োজন সমিতিসমূহে ৷

durga pooja
durga pooja

ৰঙিয়া, 15 ছেপ্টেম্বৰ : এইবাৰ দুৰ্গা পূজাত পূৰ্বৰ দৰে নাথাকিব আনন্দ-উছাহ । ক’ভিড-19ৰ প্ৰট'কলৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গোৎসৱ পালন কৰা হ’ব । চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বাৰোৱাৰী পুৰণি মণ্ডপ দুৰ্গা পূজা সমিতিৰ । চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰিব ৰঙিয়াৰ এই দুৰ্গা পূজা সমিতিয়ে । শতবৰ্ষ অতিক্ৰম কৰা এই দুৰ্গোৎসৱত পূৰ্বৰ দৰে নাথাকিব পেণ্ডেল, মেলা, জনসমাগমেৰে ভৰা জাকজমকতা ।

অনুষ্টুপীয়াকৈ অনুস্থিত হ’ব দুৰ্গা পূজা

সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি চৰকাৰী নিৰ্দেশনা মৰ্মে এই দুৰ্গা পূজা পালন কৰিবলৈ প্ৰস্তুত হৈছে ৰঙিয়াৰ এই সমিতি । ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি হোৱা কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সমিতিখনে ৰাইজকো সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম মতে দুৰ্গা পূজা পালন কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : CISPৰ প্ৰশিক্ষণত দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়

Last Updated : Sep 16, 2020, 6:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.