কামৰূপ,30 জুনঃ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ শোলমাৰীত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল প্ৰদীপ ৰাভা নামৰ এফ চি আইত কৰ্মৰত বিষয়াগৰাকীক ৷ ইয়াৰ পিছতে প্ৰদীপ ৰাভাৰ ধূপধৰাৰ হীৰাপাৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰদীপ ৰাভাৰ পৰিয়ালৰ অৱস্থাৰ বুজ ল'লে দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷
বিধায়কগৰাকীয়ে ব্যক্তিগতভাবে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত পৰিয়ালটোক সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । বিধায়ক দীপক কুমাৰ ৰাভাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই যে,গোৱালপাৰা জিলাৰ লগতে ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি হোৱা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ বাবে পৰ্যালোচনা কৰি আছে ।
লগতে পঢ়কঃৰাজ্যত বানত মৃতকৰ সংখ্যা 24 জনলৈ বৃদ্ধি