ETV Bharat / state

Drugs seized in Rangia: ৰঙিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Drugs News

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানকালত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক সৰবৰাহকাৰী (Drugs seized in Rangia) ৷

Drugs peddler arrested with drugs in Rangia
ৰঙিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
author img

By

Published : Nov 23, 2022, 1:39 PM IST

ৰঙিয়া, 22 নৱেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

ৰঙিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

শেহতীয়াকৈ ৰঙিয়াৰ পূৱ সাহানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে এটা সৰবৰাহকাৰী (Drugs seized in Rangia) ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে নিষিদ্ধ ড্ৰাগছখিনি (Kamup Police) ৷ আটকাধীন সৰবৰাহকাৰীটো ৰিয়াজুদ্দিন আহমেদ ওৰফে ৰাজু ৷ ধৃত ৰাজুৰ ঘৰত দলটোৱে অভিযান চলাই বাৰান্দাত থোৱা কাঠৰ কুণ্ডাৰ মাজৰ পৰা উদ্ধাৰ কৰে পাঁচটা চাবোনৰ কেচৰ পৰা ২৫৩ গ্ৰাম নিষিদ্ধ নিষিদ্ধ ড্ৰাগছ ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটিৰো অধিক হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

উল্লেখ্য যে ৰঙিয়াত পুঠি খলিহনাৰ পাছত এইবাৰ জালত পৰিবলৈ আৰম্ভ কৰিছে ৰৌ-বৰালী । কিয়নো এইবাৰৰ অভিযানত আটক হোৱা সৰবৰাহকাৰীটো আছিল নামনি অসমৰ অন্যতম এটা সৰবৰাহকাৰী (Drugs Mafia arrested)। ৰঙিয়াৰ নিজা বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় চলাই গৈছিল ৰাজুয়ে ৷ মণিপুৰৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰি আনি নিজা বাসগৃহৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে । তাৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক ৷

উল্লেখ্য যে বিগত কেইমাহত কামৰূপ আৰক্ষীৰ জালত পৰিছে বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰী । লগতে কেইবা কোটি টকাৰ ড্ৰাগছও উদ্ধাৰ হৈছে । তথাপিও যেন আৰক্ষীৰ চকুত ধূলি দি একাংশই চলাই গৈছে এই নিষিদ্ধ ব্যৱসায় ৷

লগতে পঢ়ক: Women arrested with Ganja: ডিফু ৰে’ল ষ্টেচনত গাঞ্জাসহ আটক ৬০ উৰ্ধৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.