ৰঙিয়া, 8 জানুৱাৰী: মাৰাত্মক ড্ৰাগছৰ বিৰূদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া আৰক্ষীয়েও ড্ৰাগছৰ বিৰূদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ৰঙিয়াৰ বালাগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানত ব্ৰাউন চুগাৰসহ আটক হয় এটা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrest at Rangia)।
ৰঙিয়া আৰক্ষীৰ অভিযান কালত জাকিৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰা হয় । ৰঙিয়াৰ বালাগাঁৱৰ বাসিন্দা জাকিৰ হুছেইনৰ বিৰূদ্ধে দীৰ্ঘদিনে ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত জাকিৰৰ বাসগৃহৰ পৰা 20 গ্ৰাম ব্ৰাউন চুগাৰ আৰু কেইবাটাও ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা চলাই আছে ।
আনহাতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ড্ৰাগছ ব্যৱসায়ী জাকিৰক ধোৱা তুলসীৰ পাত সজোৱাৰ লগতে থানাৰ পৰা উলিয়াই নিবৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিকভাৱে শক্তিশালী এটা চক্ৰ । আৰক্ষীয়ে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ৷
লগতে পঢ়ক: Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...