ETV Bharat / state

ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নাপাই চুৰি কাৰ্যত নামিল যুৱক

ৰঙিয়াত ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই চুৰিকাণ্ড সংঘটিত কৰা যুৱকক লপা-থপা ৰাইজৰ ৷ এখন দোকানৰ পৰা প্ৰায় 25 টাকৈ ম’বাইল ফোন চুৰি কৰিছিল এইজন ড্ৰাগছ আসক্ত যুৱকে ৷

author img

By

Published : May 26, 2021, 7:59 AM IST

drugs addicted boy arrested in rangia
ৰঙিয়াত ড্ৰাগছ সেৱনকাৰীক আটক

ৰঙিয়া,26 মে’ : ক’ভিডৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত প্ৰতিদিনে পোহৰলৈ আহিছে নিচাযুক্ত দ্ৰব্যৰ ঘাটি উচ্ছেদৰ ঘটনা ৷ আটক হৈ আহিছে বহুকেইজন ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰী লোক ৷ ৰঙিয়াত ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই এজন যুৱকে চুৰি কৰিবলৈ যাওঁতে ধৰা পৰে ৰাইজৰ হাতত ৷ উল্লেখ্য যে, ৰঙিয়াত ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাপাই বহু যুৱকে চুৰি কৰা ঘটনা প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে ৷

ৰঙিয়াত ড্ৰাগছ সেৱনকাৰীক আটক

জানিব পৰা মতে, কিছুদিন পূৰ্বে ম’বাইল ফোন মেৰামতিৰ দোকানত টিনপাত ভাঙি সোমাইছিল এই ড্ৰাগছ আসক্ত যুৱকজন । দোকানখনৰ পৰা লুটি নিছিল প্ৰায় 25 টাকৈ ম’বাইল ফোন । অৱশেষত মঙলবাৰে ৰাইজৰ জালত পৰাৰ পাচতহে ওলাই পৰিল উৰহীৰ গছৰ ওৰ ৷ ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই ম’বাইল কেইটা চুৰি কৰা বুলি স্বীকাৰোক্তি দিলে যুৱকজনে ।

ইয়াৰ পাচতে যুৱকজনক লপা-থপা দি অৱশেষত আৰক্ষীক গতাই দিয়ে একাংশ ৰাইজে । ৰঙিয়াত এইদৰে ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিছে ৰাইজ । কিয়নো ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে সমগ্ৰ ৰঙিয়া ।

লগতে পঢ়ক : বিজনীত ড্ৰাগছ বিৰোধী অভিযানত আটক 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.