ৰঙিয়া, 25 ছেপ্টেম্বৰঃ কামৰূপ আৰক্ষীৰ 'Zero Tolerance Against Drugs' অভিযান । ৰঙিয়াত এই অভিযান তীব্ৰতৰ কৰি বহুখিনি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱতি নিশা ৰঙিয়াত আৰক্ষীৰ এটা দলে অভিযান চলাই ২০ লাখ টকা মূল্যৰ ২ কেজি ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছৰ লগতে আৰক্ষীয়ে আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ২০ লাখ টকা । ধৃত অভিযুক্ত দুজন হৈছে ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ চানু আলী আৰু মহম্মদ জাহাৰ । এজন আৰক্ষীয়ে গ্ৰাহকৰ বেশ ধৰি ড্ৰাগছসহ ব্যৱসায়ী দুজনক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বেও ৰঙিয়া মহকুমাত কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ২০ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
ৰঙিয়াত ড্ৰাগছ সহ সৰবৰাহকাৰীসহ আটক - ড্ৰাগছ
গোপন সূত্ৰৰ পম খেদি মঙলবাৰে পুৱতি নিশা ৰঙিয়াত আৰক্ষীৰ এটা দলে অভিযান চলাই ২০ লাখ টকা মূল্যৰ ২ কেজি ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ২০ লাখ টকা ।