আজাৰা, 6 নৱেম্বৰঃ আজাৰা আৰক্ষীৰ জালত পৰে এজন সন্দেহযুক্ত অবৈধ বাংলাদেশী লোক ৷ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত আগছিয়াৰ পৰা আৰক্ষীয়ে আটক কৰে লোকজনক ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি লোকজনে আগছিয়া অঞ্চলটোত ঘুৰি ফুৰাত ৰাইজৰ সন্দেহ হয় ৷ যাৰ ফলত স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়ে ৷
পৰৱৰ্তী সময়ত, আৰক্ষীয়ে লোকজনক থানালৈ আনি সোধ-পোছ কৰাত লোকজন বাংলাদেশৰ বুলি মন্তব্য কৰে ৷ আটকাধীন লোকজনৰ নাম মহম্মদ শহম আলী ৷ তেখেতৰ ঘৰ বাংলাদেশৰ কুইট জিলাত বুলি আৰক্ষীৰ আগত ব্যক্ত কৰে ৷ লোকজনক বৰ্তমান আজাৰা আৰক্ষীয়ে বৈধ নাগৰিক নোহোৱাৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷