মধ্যমখণ্ড, 10 মাৰ্চঃ প্ৰতি বছৰৰ দৰে এই বছৰো দৌল উৎসৱ উপলক্ষে আজি উত্তৰ গুৱাহাটী মধ্যমখণ্ড কীৰ্তন নামঘৰৰ পৰা উলিওৱা হয় এক দীঘলীয়া ধৰ্মীয় শোভাযাত্ৰা ৷ নামঘৰৰ বিগ্ৰহ গুৰু আসনত প্ৰতিষ্ঠা কৰি উলিওৱা এই দীঘলীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ৷ উল্লেখ্য যে পৰম্পৰা অসুসৰি দৌল উৎসৱ পূৰ্ণিমাৰ পিচৰ দিনটোত মধ্যমখণ্ড কীৰ্তন নামঘৰৰ শোভাযাত্ৰা উলিওৱা হয় ৷
লগতে পঢ়কঃ মৰিগাঁৱত দৌলোৎসৱৰ সোণালী জয়ন্তী পালন