কামৰূপ, 9 মাৰ্চঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱত উখল-মাখল পৰিবেশ । মহা প্ৰভুৰ আশীৰ্বাদ লবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অগণন ভক্ত সকল । পূজাৰীৰ মন্ত্ৰোচাৰণৰে ,আয়তীৰ উৰুলি, নাম প্ৰসংগৰে ভক্তি ৰসত বুৰ গৈছে দৌল গোবিন্দ মন্দিৰ প্ৰাংগন । দেওবাৰে পৰম্পৰাগতভাবে মেষদাহ পৰ্ব সম্পূৰ্ণ হোৱাৰ পাছত সোমবাৰে শ্ৰী শ্ৰী মহা প্ৰভু দৌল গোবিন্দৰ মহা পূজা আৰম্ভ কৰা হয় দৌল গোবিন্দ মন্দিৰত । পাঁচ দিনীয়কৈ আয়োজন কৰা দৌল উৎসৱৰ সোমবাৰে দ্বিতীয় দিন ।
আনহাতে, প্ৰায় ৫০ হাজাৰ আদৰিবলৈ সাজু দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে । ১০০ স্বেচ্ছাসেৱকে নিয়াৰিকৈ পৰিচালনা কৰিছে দৌল গোবিন্দ মন্দিৰৰ পৰিবেশ । প্ৰতিদিনে ধৰ্মীয় নাম প্ৰসংগৰ লগতে সন্দিয়া সাংস্কৃতিক অনুষ্ঠানৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে ।