আজাৰা, ৭ মাৰ্চঃ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰ আৰু সদৌ ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা ২ আৰু ৩ মাৰ্চত ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'Smart India Hackathon' উদ্ভাৱন প্ৰতিযোগীতাত প্ৰথম স্থান দখল গুৱাহাটী ধাৰাপুৰস্থিত আছাম ডন বস্ক বিশ্ববিদ্যালয়ৰ ।
দেশৰ বিভিন্ন ঠাইৰ ৪৮ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা প্ৰতিযোগীতাখনত গুৱাহাটী ধাৰাপুৰস্থিত আছাম ডন বস্ক বিশ্ববিদ্যালয় খনে Software Editionত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ।
উক্ত প্ৰতিযোগীতাখনত কেন্দ্ৰীয় সজুলিকক্ষ আৰু প্ৰশিক্ষণকেন্দ্ৰ (CTTC) ভূৱনেশ্বৰে দিয়া MSME collaboration platform শীৰ্ষক সমস্যাৰ সৰ্বকৃষ্ট সমাধান সূত্ৰ আছাম ডন বস্ক বিশ্ববিদ্যালয়ে উপস্থাপন কৰে । যাৰ বাবে এক সংবাদ মেল পাতি এই কথা সদৰী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
ছিমৰনজিৎ সিং বেদীৰ নেতৃত্বত গঠিত অধ্যাপক থাউডাম জনছন সিং আৰু আলোক চৌধুৰীৰ তত্ত্বাৱধানত সদস্য শ্ৰীপৰ্না ছাহা, মৃত্যুঞ্জয় চৰকাৰ, সুপঞ্জিত বৰ্মন, ছাহাৎ কুমাৰী আৰু অলকেশ কাকতিয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাখনত ।