ৰঙিয়া, 13 জুনঃ বুধবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত মঙ্গলদৈ সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰঙিয়া নগৰ আৰু ব্লক মণ্ডলৰ সদস্য সকলে অভিনন্দন জনায়। অনুষ্ঠানটোত উপষ্ঠিত থাকে ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতাৰ লগতে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য, প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু ব্লক পৰ্য্যায়ৰ সদস্যসকল।
অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী ভবেশ কলিতাৰ লগতে দিলীপ শইকীয়াই । ভবেশ কলিতাই ভাষনৰ জৰিয়তে দিলীপ শইকীয়াক অভিনন্দন জ্ঞাপন কৰি একেলগে আগুৱাই গৈ ৰাইজৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । আনহাতে অনুষ্ঠানত দিলীপ শইকীয়াই এপ'ল মিলৰ প্ৰসংগ উত্থাপন কৰি কয় যে মিলটো পুনৰুদ্ধাৰৰ বাবে তেওঁ যথাসম্ভৱ চেষ্টা কৰিব। লগতে ট্ৰেন্সপাৰেচিৰ কথা উত্তাপন কৰি কয় যে সাংসদ পুজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ স্থানীয় বিধায়কৰ লগতে ব্লক পৰ্য্যায়ৰ সদস্য সকলৰ লগত আলোচনা কৰিব।
উল্লেখ্য যে "বিজেপিয়ে সকলোকে আদৰি লৈছে, গতিকে তেওঁলোকেও বিজেপিক আঁকোৱালি লব লাগে।" সভাত সাংসদ গৰাকীয়ে সংখ্যালঘু সকলক উদ্দেশ্যি এই মন্তব্য কৰে ৷