ETV Bharat / state

Dilapidated School : ভগা চালিৰ তলত চলিছে চৰকাৰী বিদ্যালয়ৰ পাঠদান

ৰঙিয়াৰ বিটিচি এম ই স্কুলৰ জৰাজীৰ্ণ অৱস্থা (dilapidated condition of School) । বাঁহেৰে নিৰ্মিত জৰাজীৰ্ণ শ্ৰেণী কোঠাতে পাঠদান চলি আছে বিদ্যালয়খনত ৷ খোৱাপানীৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ বাবে নাই কোনো ধৰণৰ সুব্যৱস্থা ।

Attention Education Department
ৰঙিয়াৰ এখন বিদ্যালয়ৰ দুখ লগা ছবি
author img

By

Published : Nov 24, 2021, 6:40 PM IST

ৰঙিয়া, ২৪ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিপৰীতে শিক্ষাখণ্ডৰ উন্নয়নৰ এক পুতৌ লগা ছবি । এতিয়াও গোহালি সদৃশ পৰিৱেশত পাঠদান কৰা হয় ৰাজ্যৰ একাংশ বিদ্যালয়ত । শিক্ষাৰ্থী বহিবলৈ অভাৱ ডেস্ক-বেঞ্চৰ । বৰষুণ দিলেই একাঁঠু পানী হয় শ্ৰেণী কোঠাত ।

শিক্ষাখণ্ডৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে ইটিভি ভাৰত উপস্থিত হৈছে এনে এখন বিদ্যালয়ত । কামৰূপ জিলাৰ ৰঙিয়া শিক্ষা খণ্ডৰ অধীনত আছে বিদ্যালয়খন । বিদ্যালয়খন হৈছে ৰঙিয়াৰ বিহাপাৰাৰ বিটিচি এম ই স্কুল । বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এই বিদ্যালয়খনত ।

ৰঙিয়াৰ এখন বিদ্যালয়ৰ দুখ লগা ছবি

বিদ্যালয়ৰ শ্ৰেণী কোঠা বুলিবলৈ আছে বাঁহৰ জৰাজীৰ্ণ পঁজা । বৰষুণৰ বতৰত শ্ৰেণী কোঠাৰ ভিতৰত সোমাই বৰষুণৰ পানী । তৰ্জাবেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা বিদ্যালয়খনত আছে ৩ টা কোঠা । বৰ্তমান জহি-খহি গৈছে প্ৰতিটো কোঠা ।

২৯ বছৰ পূৰ্বে স্থাপন হোৱা এই বিদ্যালয়খনত ১০৪ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে মাত্ৰ ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী । ইয়াৰ উপৰিও বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই খেল-ধেমালিৰ সামগ্ৰী (no basic amenities in school)। শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰে দিয়া ধনৰ আধা খিনিৰে বিদ্যালয় গৃহ মেৰামতি কৰিবলৈ বাধ্য হৈছে শিক্ষকসকল । অঞ্চলটোৰ দৰিদ্ৰ লোকৰসকলৰ বাবে চৰকাৰী শিক্ষানুষ্ঠান হিচাপে এক মাত্ৰ ভৰসা এই বিদ্যালয়খন ।

কিন্তু প্ৰতিটো দিশৰে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰ তথা শিক্ষামন্ত্ৰী এই বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা বুজি পাব নে ? ইতিমধ্যে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অঞ্চলটোৰ ৰাইজে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । অতি শীঘ্ৰে বিদ্যালয়খন পাঠদানৰ অনুকুল কৰাৰ লগতে সকলো সমস্যা সমাধানৰো দাবী জনাইছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ।

লগতে পঢ়ক :কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.