ETV Bharat / state

ৰঙিয়া ডিজিটেল প্ৰেছ ক্লাৱৰ বিনামূলীয়া মাস্ক বিতৰণ

author img

By

Published : Apr 29, 2021, 9:29 PM IST

কৰ'ণা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ৰঙিয়া ডিজিটেল প্ৰেছ ক্লাৱৰ সদস‍্যসকলৰ বিশেষ পদক্ষেপ । প্ৰেছ ক্লাৱৰ সদস‍্যসকলে ৰাইজৰ মাজত বিতৰণ কৰিলে মাস্ক, চেনিটাইজাৰ ।

ৰঙিয়া ডিজিটেল প্ৰেছক্লাবৰ বিনামূলীয়া মাক্স, চেনিটাইজাৰ বিতৰণ

ৰঙিয়া, ২৯ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৷ চৰকাৰ অথবা প্ৰশাসনে জনসাধাৰণক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙিয়া ডিজিটেল প্ৰেছক্লাবৰ সদস‍্যসকলে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ৰঙিয়া ডিজিটেল প্ৰেছ ক্লাবৰ বিনামূলীয়া মাস্ক, চেনিটাইজাৰ বিতৰণ

কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ কালৰূপৰ মাজতে ৰঙিয়া ডিজিটেল প্ৰেছক্লাৱৰ সদস‍্যসকলে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাক্স বিতৰণ কৰিছে । ৰঙিয়া সাপ্তাহিক বজাৰত সকলো পথচাৰী আৰু যাত্ৰীকে চেনিটাইজ কৰিবলৈ চেনিটাইজাৰ যোগান ধৰিছে সাংবাদিকসকলে । ৰঙিয়াৰ মাজমজিয়াৰ সাপ্তাহিক বজাৰ আৰু ভূটান বাছ আস্থানত ৰাইজৰ মাজতো মাস্ক বিতৰণ কৰি ৰঙিয়া মহকুমা ডিজিটেল প্ৰেছ ক্লাৱৰ সদস্যসকলে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে । সকলোকে মাস্ক পিন্ধি হাত দুখন চেনিটাইজ কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত ৰখাৰ বাবে অনুৰোধ জনায় সাংবাদিকসকলে ।

উল্লেখ্য যে, ৰঙিয়াৰ কেবাজনো লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত বৰ্তমান আতংকময় পৰিবেশে বিৰাজ কৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া ডিজিটেল প্ৰেছক্লাৱৰ সদস‍্যসকলে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে কৰ'ণা মহামাৰীৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: কৰ'ণাৰ গ্ৰাসত হেৰাই যাব নেকি নলবাৰীৰ জাপি শিল্প ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.