কমলপুৰ,23 মাৰ্চ: কমলপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতা আৰু কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ নিৰ্বাচনী বাকযুদ্ধই এতিয়া সলনি কৰিছে সমষ্টিটোৰ ৰাজনৈতিক বাতাবৰৰণ ৷ অধিক আকৰ্ষণীয় হৈ পৰিছে দুয়োজন প্ৰাৰ্থীৰ মাজৰ নিৰ্বাচনী যুদ্ধখন ৷
সাংবাদিকক সম্বোধন কৰি দিগন্ত কলিতাই কয়, কমলপুৰত বৰ্তমান কংগ্ৰেছৰ কোনো স্থিতিয়ে নাই ৷ যাৰ বাবে সমষ্টিটোৰ বহু অঞ্চলত কংগ্ৰেছ দলে কোনো বেনাৰ-পোষ্টাৰ অথবা কাৰ্যালয় খুলিব পৰা নাই বুলি কটাক্ষ কৰে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ।
ইফালে প্ৰাৰ্থী দিগন্ত কলিতাই এই মন্তব্য প্ৰকাশ কৰাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যই ৷ তেওঁ কয়, কাৰ্যালয় বা বেনাৰ-পোষ্টাৰত নহয় কমলপুৰ সমষ্টিৰ ৰাইজৰ হৃদয়ত আছে কংগ্ৰেছ দল । বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে ধন বল, বাহুবল ব্যৱহাৰ কৰি কিশোৰ ভট্টাচাৰ্যই কয় বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বৰ বাবে সকলো ধৰণৰ কূট-কৌশল অৱলম্বন কৰিছে ৷ কিন্তু কংগ্ৰেছ দলৰ লগত কমলপুৰৰ ৰাইজ আছে বুলিও মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ।
লগতে পঢ়ক: লখিমপুৰত হাইপ্ৰ'ফাইল নেতাৰ প্ৰচাৰ অভিযান