ETV Bharat / state

Diganta Kalita slams oppositions: কংগ্ৰেছ-আপক তীব্ৰ কটাক্ষ দিগন্ত কলিতাৰ - Diganta Kalita slams AAP and Congress

বিৰোধীক পুনৰ আক্ৰমণ বিধায়ক দিগন্ত কলিতাৰ (Diganta Kalita slams oppositions)। দ্বিতীয় স্থানৰ বাবে কংগ্ৰেছ আৰু আপৰ মাজতহে প্ৰতিযোগিতা হ'ব । প্ৰথমে দলটোক একত্ৰিত কৰক তাৰ পাছতহে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰক । টোলগেট স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ সঠিক বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

Bhabesh
কংগ্ৰেছ আৰু আপক তীব্ৰ কটাক্ষ দিগন্ত কলিতাৰ
author img

By

Published : Nov 9, 2022, 10:00 AM IST

ৰঙিয়া,৯ নৱেম্বৰ : "বিজেপিৰ বিৰোধী দল হৈছে কংগ্ৰেছ আৰু আম আদমি পাৰ্টী । ইমান দিনে কংগ্ৰেছ দ্বিতীয় স্থানত আছিল । কিন্তু এতিয়া কোন দ্বিতীয় স্থানত থাকিব তাক লৈ আপ আৰু কংগ্ৰেছৰ মাজত প্ৰতিযোগিতা চলিছে । প্ৰতিযোগিতা কেৱল কংগ্ৰেছ আৰু আপৰ মাজতহে হৈছে । বিজেপি এই প্ৰতিযোগিতাত নাই । দৌৰত বিজেপি বহুত আগত আছে ।" এই মন্তব্য কমলপুৰ সমষ্টিৰ বিজেপি দলৰ বিধায়ক দিগন্ত কলিতাৰ (Diganta Kalita slams oppositions)।

কংগ্ৰেছ আৰু আপক তীব্ৰ কটাক্ষ দিগন্ত কলিতাৰ

মঙলবাৰে ৰাস মহোৎসৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিৰোধীক তীব্ৰ কটাক্ষ কৰে বিজেপি বিধায়কগৰাকীয়ে । তেওঁৰ মতে কংগ্ৰেছৰ চিন্তা হৈছে কংগ্ৰেছ দলে ইমান দিনে অসম তথা ভাৰতবৰ্ষতে দ্বিতীয় স্থান পাই আছিল । কিন্তু কংগ্ৰেছে এতিয়া দ্বিতীয় স্থানৰ বাবে আম আদমি পাৰ্টীৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব । আপ দ্বিতীয় স্থানত থাকিব নে কংগ্ৰেছ দল দ্বিতীয় স্থানত থাকিব সেয়া সময়তহে লক্ষণীয় হ'ব বুলি তেওঁ উল্লেখ কৰে । লগতে সেই সন্দৰ্ভত আপ আৰু কংগ্ৰেছ দলৰ মাজত সিদ্ধান্ত ল'ব লাগে বুলিও দুয়োটা দলক কটাক্ষ কৰে বিধায়ক দিগন্ত কলিতাই (Diganta Kalita slams AAP and Congress)।

ইফালে কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাকো তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে (Diganta Kalita on Congress Bharat Jodo Yatra)। তেওঁৰ মতে কংগ্ৰেছ দলৰ এতিয়া কৰ্মী নাই । তেনে অৱস্থাত কংগ্ৰেছে কিয় ভাৰত জোড়ো যাত্ৰা কৰিছে সেয়া তেওঁলোকে জানিব । বিধায়কগৰাকীৰ মতে প্ৰথমে কংগ্ৰেছ দলটোক একত্ৰিত কৰিব লাগে তাৰ পাছতহে ৰাইজক বিচাৰিব লাগে । দিগন্ত কলিতাৰ মতে ভাৰত জোড়ো যাত্ৰাতকৈ কংগ্ৰেছৰ অন্তঃকন্দল সুৰক্ষা কৰক তেতিয়াহে তেওঁলোকে ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা সফলতা লাভ কৰিব ।

আনহাতে কেন্দ্ৰীয় চৰকাৰে টোলগেট স্থাপন কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকা সন্দৰ্ভতো তেওঁ মন্তব্য কৰে । তেওঁৰ মতে টোলগেট স্থাপন কৰাক লৈ বিতৰ্ক কৰিব নালাগে (Diganta Kalita reaction on Toll plaza)। টোলগেটৰ টকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কৰা হয় । টোলগেট স্থাপন কৰাটো চৰকাৰৰ সঠিক সিদ্ধান্ত বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Trade fair at Nalbari raas festival: নলবাৰীৰ ৰাসত বাণিজ্য মেলা আৰু দক্ষতা কৰ্মী প্ৰদশৰ্নী উদ্বোধন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.