ETV Bharat / state

অনুমতি বিহীনভাৱে বকোত গড়কাপ্তানি বিভাগে চলালে বন ধ্বংসযজ্ঞ

author img

By

Published : Jul 30, 2020, 8:32 AM IST

খোদ ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উঠিছে বন আইন উলংঘন কৰাৰ দৰে কাৰ্যত জড়িত হোৱাৰ অভিযোগ । বকোৰ কাৰ্যালয় চৌহদত থকা কেইবাডালো মূল্যবান প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটিলে গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীয়ে ।

deforestation
deforestation

বকো, 30 জুলাই : যি সময়ত ৰাজ্যৰ চৌদিশে চৰকাৰী কাৰ্যসূচীৰে বন মহোৎসৱ উদযাপন কৰি চৰকাৰৰে চিৰসেউজ অসম গঢ়াৰ পৰিকল্পনা কৰি আহিছে, তেনে সময়তে খোদ ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উঠিছে বন আইন উলংঘন কৰাৰ দৰে কাৰ্যত জড়িত হোৱাৰ অভিযোগ । অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ বকোস্থিত উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সহ কেইবাজনো কৰ্মচাৰীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।

deforestation
গড়কাপ্তানি বিভাগৰ কাৰ্যালয়

উল্লেখ্য যে, চৰকাৰীভাৱে প্ৰতি শনিবাৰ আৰু দেওবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ হোৱা হেতুকে পথত জনসমাগম তাকৰ হোৱাৰ সুযোগতে বকোৰ কাৰ্যালয় চৌহদত থকা বহুদিনীয়া মূল্যবান প্ৰকাণ্ড প্ৰকাণ্ড কেইবাডালো গছ কাটি পেলায় । ঘটনাটো সংঘটিত কৰে সন্ধিয়া পৰত । কাৰ্যালয় চৌহদৰ বহুকেইডাল প্ৰকাণ্ড-প্ৰকাণ্ড গছ কটা খবৰ ৰাজহুৱা হোৱাত সততে প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ লগতে সামাজিক দায়িত্ববোধত মাত মাতি অহা সামাজিক সংগঠন জাতীয় সেনাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মহিলা গোটৰ দৃষ্টি গোচৰ হয় ৷ জাতীয় সেনাৰ দক্ষিণ কামৰূপ জিলাৰ মহিলা গোটৰ সভানেত্ৰী অদিতী কলিতা আৰু সম্পাদিকা চন্দ্ৰমা কলিতাই বিষয়টো চৰকাৰৰ বন বিভাগক অৱগত কৰায় ।

deforestationdeforestation in boko pwd office
গড়কাপ্তানি বিভাগে চলালে বন ধ্বংসযজ্ঞ

বন বিভাগৰ বিষয়া গৈ ঘটনাস্থলীত উপস্থিত হৈ কটা গছৰ টুকুৰাবোৰ আনি শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত জমা কৰে । ইফালে জাতীয় সেনাৰ বকো আঞ্চলিক সমিতিৰ সম্পাদিকা মেঘালী দাস সহ কেইবাগৰাকীও মহিলা কৰ্মীয়ে চৰকাৰী কৰ্মচাৰীয়ে বন আইন উলংঘন কৰা কাৰ্যক ধিক্কাৰ দিছে । এই সন্দৰ্ভত যোৱা মংগলবাৰে জাতীয় সেনাই বকো আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।

বকোত গড়কাপ্তানি বিভাগৰ বন ধংসলীলা

আনহাতে ৰাজ্যখনত চলি থকা বন আইন আৰু চিৰসেউজ অসম গঢ়া পৰিকল্পনাক ভেঙুচালি কৰি খোদ চৰকাৰী বিভাগৰ কৰ্মচাৰীয়ে কাৰ্যালয়ৰ চৌহদৰ গছ নীতি বৰ্হিভূত ভাবে কটাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত । বকোৰ সমাজ সচেতন নাগৰিকৰ মতে এই কাৰ্যত জড়িত চৰকাৰী কৰ্মচাৰী সকলৰ বিৰুদ্ধে উচিত শাস্তি হ'ব লাগে ।

লগতে পঢ়ক : নগাঁৱত যান বাহন শাখাৰ মহিলা আৰক্ষীক সম্বৰ্ধনা আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.