গুৱাহাটী, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ৰাজ্যৰ বিভিন্ন জিলাৰ মাটিৰ দাম নতুনকৈ নিৰ্ধাৰণ কৰি এক খচৰা প্ৰস্তাৱ যুগুত কৰি উলিয়াইছে । যাৰ ফলত ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ দাম (Land price hike in Assam)। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ইয়াৰ দ্বাৰা চৰকাৰ লাভাম্বিত হ'ব । অধিক কৰ সংগ্ৰহ কৰিব পাৰিব । নিজস্ব আয় বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্ৰত কৰ-কাটলৰ বোজা জাপি দিয়াৰ পিচত এইবাৰ মাটিৰ দাম বৃদ্ধিৰে ৰাজ্যবাসীৰ ওপৰত কৰৰ বোজা জাপি দিব । মাটিৰ দাম বৃদ্ধিৰ ফলত সাধাৰণ মধ্যবিত্তৰ বাবে গুৱাহাটীত মাটি লৈ ঘৰ সজাতো সপোন হৈ ৰ'ব । একমাত্ৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে মাটিৰ মূল্য বৃদ্ধি কৰিব বিচাৰিছে বুলি কয় দেবব্ৰত শইকীয়াই ।
উল্লেখ্য যে, ৰাজ্যত ৫০ ৰ পৰা ৩০০ শতাংশলৈ বৃদ্ধি পাব মাটিৰ দাম । কামৰূপ মহানগৰ জিলাৰ ৫টা ৰাজহ চক্ৰ এলেকাত পৃথকে পৃথকে মাটিৰ দাম নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হৈছে (Assam Government has fixed new Circle wise land prices) । মহানগৰীত ৭০ৰ পৰা ৩০০ শতাংশ বৃদ্ধি পাব মাটিৰ দাম । ৰাজ্যখনৰ উদ্যোগক্ষেত্ৰ, চাহ বাগান এলেকা, ব্যৱসায়িক এলেকা, কৃষিভূমি, আবাসিক এলেকা আদিৰ মাটিৰ দাম সুকীয়া সুকীয়াকৈ নিৰ্ধাৰণ কৰি বিভাগটোৱে প্ৰস্তুত কৰি উলিওৱা এই খচৰা প্ৰস্তাৱ সন্দৰ্ভত দহ জানুৱাৰীৰ ভিতৰত সৰ্বসাধাৰণ ৰাইজক নিজৰ নিজৰ জিলা উপায়ুক্তৰ ওচৰত ওজৰ-আপত্তি দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে ।
লগতে পঢ়ক: ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ মূল্য !